feroz shah kotla stadium

অৰুণ জেটলিৰ নামেৰে নামকৰণ কৰা হব ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়াম

Arun Jaitley

অলিম্পিয়াৰ প্ৰতিবেদক ঃ সদ্যপ্ৰয়াত প্ৰাক্তন বিত্ত আৰু আইনমন্ত্ৰী অৰুণ জেটলিৰ নামেৰে পুনৰ নামকৰণ কৰা হ’ব দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়াম। এই ঘোষণা আগবঢ়াইছে দিল্লী এণ্ড ডিষ্ট্ৰিক্ট ক্ৰিকেট এছ’চিয়েচনে। ২৪ আগষ্ট তাৰিখে মৃত্যুবৰণ কৰা অৰুণ জেটলিয়ে ডি ডি চি এৰ সভাপতি হিচাপেও দায়িত্ব পালন কৰিছিল। তেওঁৰ কাৰ্যকালতে ষ্টেডিয়ামখনক আধুনিক সুযোগ-সুবিধাৰে সজ্জিত কৰি তোলা হৈছিল। উল্লেখযোগ্য যে ১২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত ষ্টেডিয়ামখন অৰুণ জেটলিৰ নামেৰে নতুনকৈ নামকৰণ কৰা হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *