Tuesday, October 4, 2022
HomeNewsঅৰ্জুন ভোগেশ্বৰ বৰুৱাই ভৰি থ'ব ৮৩ বছৰত

অৰ্জুন ভোগেশ্বৰ বৰুৱাই ভৰি থ’ব ৮৩ বছৰত

গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অভিৰুচি ক্ৰীড়া দিৱস পালন

অলিম্পিয়া প্ৰতিবেদন:

সমাগত ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস । অসমগৌৰৱ ভোগেশ্বৰ বৰুৱাই ভৰি থ’ব ৮৩ বছৰত । গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব অভিৰুচি দিৱস ।

৩ ছেপ্টেম্বৰত অসম গৌৰৱ অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন । ১৯৬৬ চনত এইগৰাকী অসম সন্তানে এথলেটিকছৰ যোগেদি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ বাবে প্ৰথমটো পদক অৰ্জন কৰিছিল । ১৯৮৪ চনৰ পৰা অভিৰুচিয়ে তেওঁৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি আহিছে । এইবাৰ ৩৯ বছৰ গৰকিলে অভিৰুচি ক্ৰীড়া দিৱসে ।

আগৰ কেইবছৰৰ দৰেই এই বিশেষ দিনটো এইবাৰো ধুমধামেৰে উদযাপন কৰাৰ যা-যোগাৰ কৰিছে অভিৰুচিয়ে । বৃহস্পতিবাৰে অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদমেলত এই কথা জনালে অভিৰুচিৰ হৈ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে । কেন্দ্ৰীয়ভাৱে আয়োজন কৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অলিম্পিয়ান দীপা কৰ্মকাৰ আৰু প্ৰশিক্ষক বিশেশ্বৰ নন্দী ।

৩ ছেপ্টেম্বৰ শনিবাৰে পুৱা ৬.১৫ বজাত চান্দমাৰি উৰণীয়া সেতুৰ পৰা সামূহিক দৌৰেৰে এই বিশেষ দিনটোৰ শুভাৰম্ভ হ’ব । দীপা কৰ্মকাৰে নেতৃত্ব ল’ব এই সামূহিক দৌৰৰ । পুৱা ৯.৩০ বজাত আয়োজন কৰা হৈছে আন্তঃশিক্ষানুষ্ঠান প্ৰতিযোগিতা ।

৪ ছেপ্টেম্বৰতো লোৱা হৈছে বণাৰ্ঢ্য কাৰ্যসূচী । পুৱা ১০ বজাত আয়োজন কৰা হৈছে সদৌ অসম কুইজ প্ৰতিযোগিতা । বিয়লি ৪ বজাত আছে খেলুৱৈ আৰু ক্ৰীড়া সংগঠকক সম্বৰ্ধনা অনুষ্ঠান । বিগত বৰ্ষত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমৰ ৩০ গৰাকী খেলুৱৈক এই অনুষ্ঠানতে সম্বৰ্ধনা জনাব অভিৰুচিয়ে ।

উল্লেখযোগ্য যে, সম্বৰ্ধনা জনাবলগীয়া খেলুৱৈসকল হ’ল —- হিমা দাস, বিশাল চাংমাই, অস্মিতা চলিহা, চয়নিকা গগৈ, প্ৰিয়ানুজ ভট্টাচাৰ্য, কবিতা দেৱী, ললিত মেচ, এ প্ৰিয়া দেৱী, অভিনন্দন গোস্বামী, চানমা ব্ৰহ্ম, চিৰঞ্জীত বড়ো, কাশ্যপী সোণোৱাল, পাৰ্থিৱ সুন্দৰ গগৈ, অপূৰ্ণা নাৰ্জাৰী, জয়ন্ত তালুকদাৰ, আয়ান ৰছিদ, উপাসা তালুকদাৰ, পপী হাজৰিকা, শিৱ থাপা, লাভলীনা বৰগোঁহাই, অংকুশিতা বড়ো, ভাগ্যৱতী কছাৰী, যমুনা বড়ো, মৈত্রী শৰ্মা, নয়নমণি শইকীয়া, মৃদুল বৰগোঁহাই, তানিয়া চৌধুৰী, নিছাদ আলী, হেমফু বংজাং আৰু পৰীক্ষিত সোমানি । আনহাতে আৰ জি বৰুৱা ক্ৰীড়া সংগঠক বঁটা প্ৰদান কৰা হব লক্ষ্য কোঁৱৰলৈ । সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুঙক প্ৰদান কৰা হ’ব ব্যায়ামবীৰ চিদানন্দ দাস সোঁৱৰণী প্ৰশিক্ষক বঁটা ।

সেইদৰে গোপাল বৰুৱা সোঁৱৰণী উদীয়মান খেলুৱৈৰ বঁটা প্ৰদান কৰা হ’ব টেবুল টেনিছ খেলুৱৈ ধনিষ্ঠা শইকীয়া আৰু বেডমিন্টন খেলুৱৈ শুভ্ৰশ্ৰী স্মিতা বাৰূৱতীক । তদুপৰি, বঁটা প্ৰদান কৰিবলগীয়া ক্ৰীড়া সংগঠক হ’ল—- ৰফিক চৌধুৰী, প্ৰদীপ হাজৰিকা, প্ৰণৱ কুমাৰ শইকীয়া, বিকাশ বৰুৱা, আৱেদুৰ ৰহমান, হৰিশ গোস্বামী, বিপুল কুমাৰ চৌধুৰী, সাবিত্রী কলিতা, ডা০ নৰহৰি বৰ্মন, আৰু হেমেন চন্দ্ৰ দাস ।

ক্ৰীড়া অনুৰাগীৰ আশা—- – ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস সাফল্যমণ্ডিত হওক । অসমগৌৰৱ ভোগেশ্বৰ বৰুৱাৰ ক্ৰীড়া জীৱনৰ কথাৰে অনুপ্ৰাণিত হওক অসমৰ নৱ প্ৰতিভা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments