Monday, July 4, 2022
HomeNewsঅৰ্থনীতিৰ দৰেই ডুবিছে শ্ৰীলংকাৰ ক্ৰিকেট ! ২৮ ৰাণত হেৰুৱালে ৯ টা উইকেট

অৰ্থনীতিৰ দৰেই ডুবিছে শ্ৰীলংকাৰ ক্ৰিকেট ! ২৮ ৰাণত হেৰুৱালে ৯ টা উইকেট

অলিম্পিয়াৰ প্ৰতিবেদন

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মঞ্চত লজ্জিত শ্ৰীলংকা । মাত্ৰ ২৮ ৰাণতে ৯ টাকৈ উইকেট হেৰুৱাই অনাকাংক্ষিত ৰেকৰ্ডৰ অধিকাৰী হল দ্বীপৰাষ্ট্ৰখন । অৰ্থনৈতিক বিপৰ্যয়ে জুৰুলা কৰা দেশখনৰ ক্ৰিকেট দলটোৰো আজিৰ অৱস্থা দেশখনৰ অৰ্থনীতিৰ দৰেই ।
বছৰটোৰ শেষত অনুষ্ঠিত হ”ব আই চি চিৰ দ্বাৰা আয়োজিত টি-২০ বিশ্ব কাপ । অষ্ট্ৰেলিয়াৰ মাটিত হ’বলগীয়া এই বিশ্বকাপৰ বাবে সকলোবোৰ দেশেই প্ৰস্তুতি চলাই আছে । সকলো দেশেই কোনোৱে যদি ঘৰৰ মাটিত আন কোনোৱে আকৌ বিদেশৰ মাটিত বিভিন্ন শৃংখলাত অংশ লৈছে ।
বিশ্বকাপ চেম্পিয়ন অষ্ট্ৰেলিয়াই এনে এখন টি-২০ শৃংখলা খেলিবলৈ শ্ৰীলংকা ভ্ৰমণ কৰিছে । কলম্বোত অষ্ট্ৰেলিয়া আৰু ঘৰুৱা দল শ্ৰীলংকাৰ মাজৰ প্ৰথমখন টি-২০ মেচত দুয়োটা দল মিলিত হয় ।
প্ৰথমে বেটিং কৰি শ্ৰীলংকা দলটোৱে সুন্দৰ আৰম্ভণি কৰে । দলটোৱে মাত্ৰ এট উইকেট হেৰুৱাই ১০০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । কিন্তু তাৰ পিছতে আৰম্ভ হয় চৰম বিপৰ্যয় । ১০০ ৰাণৰ পিছত মাত্ৰ ২৮ ৰাণৰ ভিতৰত দলটোৱে আটাইকেইটা উইকেট হেৰুৱায় ।১২৮ ৰাণতে দলটো অলআউট হয় ।

টি-২০ ক্ৰিকেটৰ ইতিহাসত আজিলৈকে কোনো দলে এটা উইকেট হেৰুৱাই ১০০ ৰাণ কৰাৰ পিছত ১৬০ ৰাণৰ তলত আউট হোৱা নাই । ফলস্বৰূপে শ্ৰীলংকা বিশ্বৰ প্ৰথমটো দল হিচাপে পৰিচিত হ’ল — যিয়ে ১ টা উইকেট হেৰুৱাই ১০০ ৰাণ সংগ্ৰহ কৰিও অতি কমেও ১৬০ ৰাণ সংগ্ৰহ কৰিব নোৱাৰিলে । মাত্ৰ ১২৮ ৰাণতে সকলো উইকেট হেৰুৱালে । এই অনাকাংক্ষিত ৰেকৰ্ডৰ গৰাকী হ’ল নিজৰ ঘৰৰ মাটিতে ।

মেচখনত অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৱে ১০ উইকেটত জয়লাভ কৰি শৃংখলাত ১-০ ত অগ্ৰগতি লাভ কৰিছে । মেচখনত শ্ৰীলংকাই প্ৰথমে বেটিং কৰি সংগ্ৰহ কৰে মাত্ৰ ১২৮ ৰাণ । দলটোৱে শেষৰ ২৮ ৰাণত হেৰুৱাই ৯ টা উইকেট ।
দলটোৰ হৈ পাথুম নিচানকাই ৩৬, দানুষ্কা গুনাটিলকাই ২৬ ৰাণ কৰে । আনহাতে চৰিথ আছালংকাৰে কৰে ৩৮ ৰাণ । দলটোৰ বাকী সকলো সদস্য চূড়ান্ত ৰূপত ব্যৰ্থ হয় । অষ্ট্ৰেলিয়াৰ হৈ জছ হেজলউডে ৪ টা আৰু মিচেল ষ্টাৰ্কে ৩ টা উইকেট দখল কৰে ।
ইয়াৰ প্ৰত্যুত্তৰত, অষ্ট্ৰেলিয়াই বেটিং কৰিবলৈ আহি অধিনায়ক ফিন্সৰ অপৰাজিত ৬১ ৰাণ কৰাৰ লগতে ডেভিদ ৱাৰ্ণাৰে ৭০ ৰাণত অপৰাজিত থাকে । দলটোৱে এটাও উইকেট নেহেৰুৱাকৈ ৬ অভাৰ বাকী থকা অৱস্থাত বিজয় লক্ষ্যত উপনীত হয় ।

বিশ্বকাপ টি-২০ ৰ পূৰ্বে শ্ৰীলংকা দলটো এইদৰে ব্যৰ্থ হোৱা বিষয়টো দলটোৰ ভৱিষ্যতৰ বাবে ভাল লক্ষ্যণ নহয় বুলি বিশেষজ্ঞসকলে দাবী কৰিছে । নিজৰ ঘৰৰ মাটিতে এইদৰে অনাকাংক্ষিত ৰেকৰ্ডৰ সন্মুখীন হোৱা শ্ৰীলংকাই শৃংখলাৰ বাকী কেইখন মেচত বিজয় সাব্যস্ত কৰিব পাৰিব নে নাই সেই বিষয়ে ক’ব নোৱাৰি যদিও শৃংখলাটোত অষ্ট্ৰেলিয়াকে ফেভাৰিট আখ্যা দিয়া হৈছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments