Monday, October 3, 2022
HomeNewsঅৰ্শদীপ সিঙৰ এটা মিছ কেটছে কৰিলে যেন ওলট পালট !

অৰ্শদীপ সিঙৰ এটা মিছ কেটছে কৰিলে যেন ওলট পালট !

অৰ্শদীপ সিঙৰ এটা মিছ কেটছে কৰিলে যেন ওলট পালট !

অলিম্পিয়া প্ৰতিবেদন: এছিয়া কাপত পাক দলৰ হাতত ধৰাশায়ী টীম ইণ্ডিয়া । কিং কোহলিৰ অৰ্ধশতকেও পৰাজয়ৰ গৰাহৰ পৰা বচাব নোৱাৰিলে ৰোহিত বাহিনীক । অৰ্শদীপ সিঙৰ এটা মিছ কেটছে কৰিলে যেন ওলট পালট ।

ডুবাইত সগৌৰৱেৰে অব্যাহত আছে এছিয়া কাপ ২০২২ । দেওবাৰে ছুপাৰ ফ’ৰৰ এখন হাই ভল্টেজ মেচত অৱতীৰ্ণ হ’ল ভাৰত- পাকিস্তান । ভাৰত-পাকিৰ উন্মাদনাৰে ভৰপূৰ মেচ উপভোগ কৰিবলৈ গেলাৰীত দৰ্শকৰ ভীৰ । পিছে দেওবাৰে ভাৰতীয় ক্ৰিকেট অনুৰাগীক নিৰাশা কৰিলে টীম ইণ্ডিয়াই । ৫ উইকেটত জয়ৰ মালা পিন্ধিলে বাবৰ বাহিনীয়ে ।

প্ৰথমে বেটিং কৰি ৭ টা উইকেট হেৰুৱাই ভাৰতীয় দলটোৱে সংগ্ৰহ কৰিলে ১৮১ ৰাণ । কে এল ৰাহুলে ২৮ আৰু অধিনায়ক ৰোহিত শৰ্মাই ২৮ ৰাণ কৰি পেভিলিয়নলৈ উভতি আহে । আনহাতে পুৰণি ফৰ্মত দেখা গ’ল বিৰাট কোহলিক । কিং কোহলিয়ে এই মেচত কৰিলে অৰ্ধশতক । ৪৪ টা বলত বিৰাটে কোবালে ৬০ ৰাণ । কিং কোহলিৰ ইংনিছটোত আছে ৪ টা বাউণ্ডেৰী আৰু ১ টা অভাৰ বাউণ্ডেৰী । পিছে বিৰাটৰ উন্নত প্ৰদৰ্শনেও জয়ী কৰাব নোৱাৰিলে দলটোক । পাক দলৰ দুৰ্ধষ বলাৰৰ হাতত ৭ টাকৈ উইকেট হেৰুৱালে মেন ইন ব্লুৱে । অন্তিম দুটা বলত দুটা চাৰি মাৰি ৰবি বিষ্ণুৰ সহায়ত পাকিস্তানৰ সন্মুখত বান্ধি দিয়ে ১৮২ ৰাণৰ লক্ষ্য ।

জয়ৰ লক্ষ্যৰে খেলপথাৰত নামিল বাবৰ বাহিনী । খেলৰ প্ৰথম ভাগতেই পাক দলৰ অধিনায়ক আউট হলেও ৰিজৱান আৰু নাৱাজে দলটোক জয়ৰ মুখলৈ লৈ যায় । পাকিস্তানৰ হৈ ৰিজৱানে ৫১ টা বলত সংগ্ৰহ কৰিলে ৭১ ৰাণ । ইফালে, নাৱাজে ২০ টা বলত ৪২ ৰাণৰ সুন্দৰ ইনিংছ খেলে । মেচখনৰ প্ৰতিটো পল আছিল উন্মাদনাৰে ভৰপূৰ । অন্তিম বললৈকে দৰ্শকে ধৰিব পৰা নাছিল মেচত কোন জয়ী হ’ব ? বলাৰ অৰ্শদীপ সিঙে এটা কেটছ মিছ কৰাৰ লগে লগে জয়ৰ আশাত চেঁচাপানী পৰিল ভাৰতৰ । একাংশই অৰ্শদীপক কৰিছে সমালোচনা । ২০ অভাৰৰ অন্তিমটো বল নেখেলাকৈয়ে ৫ টা উইকেট হেৰুৱাই বিজয়ী লক্ষ্যত উপনীত হল পাকিস্তান ।

এই পৰাজয়ে আশাহত কৰিলে ভাৰতৰ কোটি কোটি ক্ৰিকেট অনুৰাগীক । এটা বিশাল স্কৰ কৰিও জয়ৰ মুখ নেদেখিলে ৰোহিত বাহিনীয়ে ।

সকলোৰে আশা—- এছিয়া কাপত অপ্ৰতিৰোধ্য হওক টীম ইণ্ডিয়া । প্ৰত্যাহ্বান অতিক্ৰম কৰি ভাৰতলৈ কঢ়িয়াই আনক এছিয়া কাপৰ সন্মান ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments