অলিম্পিয়াৰ প্ৰতিবেদন
অৱশেষত আইচিচিৰ চেয়াৰমেন হোৱাৰ সকলো বাদ বন্ধ হ’ল সৌৰভ গাংগুলীৰ। বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিৰ চেয়াৰমেন হিচাপে দায়িত্ব পালন কৰা শশাংক মনোহৰৰ ইতিমধ্যে কাৰ্যকাল শেষ হৈছে। সকলোৱে ভাবিছিল আইচিচিৰ চেয়াৰমেন হিচাপে মনোহৰৰ পিছত গাংগুলী অধিষ্ঠিত হ’ব। কিন্তু এতিয়া তাৰ বিপৰীত ছবি এখন ওলাই পৰিছে। নিশ্চিত হৈছে গাংগুলী আই চি চিৰ চেয়াৰমেন নোহোৱাটো।
ইতিমধ্যে আইচিচিৰ চেয়াৰমেন পদৰ বাবে নাম প্ৰস্তাৱৰ সময় শেষ হৈছে। পদটোৰ বাবে বৰ্তমানলৈকে দুজন ব্যক্তিয়েহে নিজৰ নাম প্ৰস্তাৱ কৰিছে। ছিংগাপুৰৰ ইমৰান খাৱাজা আৰু নিউজিলেণ্ডৰ Great Berkeley য়ে।
আইচিচিৰ নিয়ম অনুসৰি কোনো ব্যক্তিয়ে যদি আইচিচিৰ চেয়াৰমেন পদত অধিস্থিত হয় তেনে আন পদত কাৰ্যনিৰ্বাহ কৰিব নোৱাৰিব। সেই অনুসৰি গাংগুলীয়ে আইচিচিৰ চেয়াৰমেন পদৰ বাবে আগ্ৰহ প্ৰকাশ নকৰিলে বুলি চৰ্চা চলিছে। তেওঁ বিচিআইৰে অধ্যক্ষ হৈ থকাৰ ইচ্ছা। প্ৰকাশিত খবৰ অনুসৰি যদিহে গাংগুলীয়ে উক্ত পদটোৰ বাবে আগ্ৰহ প্ৰকাশ কৰিলেহয় তেনে বিনাপ্ৰতিদ্বন্দিতাৰে তেওঁ সেই পদ লাভ কৰিলেহয়। সকলোৱে তেওঁকেই সমৰ্থন দিলে হয়।