অৱশেষত খেল পথাৰলৈ আগমন ঘটিল দৰ্শকৰ। লকডাউনৰ পিছত বিশ্বৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা। চেম্পিয়নছ লীগ, উইম্বলডন, চি পি এল, আইপিএল আদি বৃহৎ ক্ৰীড়া প্ৰতিযোগিতা।দৰ্শকবিহীনভাৱে অনুষ্ঠিত হোৱাৰ পিছত পোন প্ৰথমবাৰৰ প্ৰায় ৩০ হাজাৰ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হৈছে এখন বিশেষ ক্ৰীড়া প্ৰতিযোগিতা।
খেল পথাৰলৈ দৰ্শকৰ আগমন ঘটা এই দেশখন হৈছে নিউজিলেণ্ড। নিউজিলেণ্ডত অনুষ্ঠিত হৈছে ৰাগবীৰ এক প্ৰদৰ্শনীমূলক খেল। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত চলা এই খেলখনত দুয়োটা দলেই ১৬-১৬ ৰে ড্ৰ খেলে।
মনকৰিবলগীয়া যে নিউজিলেণ্ডৰ অকলেণ্ড ষ্টেডিয়ামত দৰ্শকৰ আসনৰ সংখ্যা ৩৪হাজাৰ। দীৰ্ঘদিনৰ মূৰত অনুষ্ঠিত হোৱা এই প্ৰদৰ্শনীমূলক মেচখন উপভোগ কৰিবলৈ ষ্টেডিয়ামখনত ৩০ হাজাৰ দৰ্শক উপস্থিত হয়গৈ।
উল্লেখযোগ্য যে নিউজিলেণ্ড কৰ’না মহামাৰীৰ পৰা মুক্ত হৈছে। যোৱা ২৫ ছেপ্টেম্বৰতেই ৰাষ্ট্ৰখনত শেষৰজন ক’ভিড আক্ৰান্ত ব্যক্তি পোহৰলৈ আহিছিল। ইয়াৰ পিছত আৰু কোনো ব্যক্তিয়েই ক’ভিড-১৯ ত আক্ৰান্ত হোৱা নাই।