Tuesday, October 4, 2022
HomeNewsঅৱশেষত সাক্ষীয়েও কৰিলে হতাশ! ৰাইনায়ো ললে একেই বাট

অৱশেষত সাক্ষীয়েও কৰিলে হতাশ! ৰাইনায়ো ললে একেই বাট

অলিম্পিয়াৰ প্ৰতিবেদন

বহু কেইবাৰ ভুল বাতৰি প্ৰকাশ হৈছিল। হঠাৎ সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমত ধোনিয়ে অৱসৰ লোৱা বুলি কোনো দুষ্ট চক্ৰ‌ই বাতৰি বিয়পাই দিছিল। লকডাউনৰ মাজতো খবৰ প্ৰকাশ পাইছিল ধোনিয়ে অৱসৰ ঘোষণা কৰিছিল। ফেচবুকত খবৰটো ভাইৰেল হৈ পৰাৰ লগে লগেই টুইটাৰত ধোনিৰ অৱসৰৰ বিষয়টো ট্ৰেণ্ডিং হৈ পৰিছিল। পূৰ্বৰ দৰেই ধোনিৰ পত্নীয়ে নিজৰ টুইটাৰ একাউণ্টৰ পৰা জনাইছিল যে ধোনিৰ অৱসৰৰ বিষয়টো ভুৱা।

মহেন্দ্ৰ সিং ধোনি এনেকুৱা এক ব্যক্তিত্বৰ অধিকাৰী যি প্ৰতিটো মুহূৰ্ততে cool হৈ থাকে যাৰ বাবে তেওঁক কোৱা হয় captain cool বুলি। অন্য ক্ৰিকেটাৰৰ দৰে তেওঁ সামাজিক মাধ্যমসমূহত সক্ৰিয় হৈ নাথাকে। সেয়ে ধোনিৰ প্ৰসংগত ভুৱা খবৰ প্ৰকাশ হ’লেই সকলোৱে ধোনি পত্নী সাক্ষীৰ মন্তব্যলৈ অপেক্ষা কৰে। যিমান বাৰ ধোনি প্ৰসংগত ভুৱা খবৰ প্ৰকাশ পাইছে প্ৰতিবাৰেই সাক্ষীয়ে আহি স্পষ্টীকৰণ দিছে। কেতিয়াবা ক্ৰোধত, কেতিয়াবা আৱেগত আকৌ কেতিয়াবা সাধাৰণভাৱেই।

কালি ধোনিয়ে স্বভাৱসুলভ ভংগীমাৰে ক্ৰিকেটক বিদায় জনোৱাৰ সময়ত বহুতেই বিশ্বাস কৰিবলৈ টান পাইছিল যে ধোনিয়ে ক্ৰিকেটক বিদায় জনাইছে। নাই কোনো সংবাদ মেল, নাই কোনো পূৰ্বৰ ঘোষণা, নাই কোনো হাই-হুলস্থুল । অৱসৰৰ বাবে এনে এটা দিন নিৰ্বাচন কৰিলে যিটো দিনত সকলো নিউজ চেনেল আৰু জনতা দেশৰ ৭৪ তম স্বাধীনতা দিৱসক লৈ ব্যস্ত। আনহাতে কাকত বোৰে ইয়াৰ পিছৰ দিনা বন্ধ। অৰ্থাৎ অৱসৰৰ বিষয়টোৱে যাতে সকলো স্বাভাৱিক কৰি ৰাখে তাৰেই চেষ্টা।

https://www.instagram.com/tv/CD6ZQn1lGBi/?igshid=ldcqdr4m1idr

প্ৰিয় ক্ৰিকেটাৰগৰাকীৰ অৱসৰৰ বিষয়টো ভাইৰেল হৈ পৰাৰ লগে লগে সকলোৱে ধোনিৰ পত্নী সাক্ষীৰ প্ৰতিক্ৰিয়ালৈ বাত চাইছিল। অৱশেষত সাক্ষীৰ প্ৰতিক্ৰিয়া আহিল। ধোনিৰ ইনষ্টাগ্ৰামৰ সেই বিশেষ পষ্টত এটা নমস্কাৰ আৰু লাভ ৰিয়েক্ট দিলে সাক্ষীয়ে। পূৰ্বৰ দৰে ক্ষোভ, ক্ৰোধ বা আৱেগ একো নাছিল। ধোনিৰ সিদ্ধান্তক সমৰ্থন জনালে সাক্ষীয়ে।

https://www.instagram.com/p/CD6d3QChY-V/?igshid=10wqmhyc7r67g

কেৱল সেয়াই নে! ধোনিৰ পিছে পিছে অৱসৰ গ্ৰহণ কৰিলে তেওঁৰ সতীৰ্থ সুৰেশ ৰাইনাই। ইনষ্টাগ্ৰামতে সুৰেশ ৰাইনাই ধোনিৰ এই যাত্ৰাত সহযোগী হোৱাৰ ইচ্ছা প্ৰকাশ কৰি অৱসৰ গ্ৰহণ কৰিলে। নকলেও হয়, সকলোৱে জানে সুৰেশ ৰাইনা ধোনিৰ এজন ভাল বন্ধু। দুয়ো আই পি এলৰ চেন্নাই চুপাৰ কিংছৰ সদস্য।

ধোনি আৰু ৰাইনাৰ অৱসৰক লৈ বিভিন্নজনৰ প্ৰতিক্ৰিয়া

https://www.instagram.com/p/CD6lUbcluL6/?igshid=1lvbxpysklznh
কেপ্তেইন কোহলিৰ প্ৰতিক্ৰিয়া

https://www.instagram.com/p/CD6pnFSAAcY/?igshid=1xe1yl2mv44ik
পূৰ্বৰ কেপ্তেইন আৰু বৰ্তমান বি চি চি আইৰ সভাপতি গাংগুলিৰ প্ৰতিক্ৰিয়া

https://www.instagram.com/p/CD6ptimg20n/?igshid=jfuj43pzfkft
বীৰেন্দ্ৰ সেহৱাগৰ প্ৰতিক্ৰিয়া

অনিল কুম্বলেৰ প্ৰতিক্ৰিয়া


- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments