অৱশেষত চিকিৎসালয় এৰিলে আৰ্জেণ্টিনাৰ প্ৰাক্তন ফুটবলাৰ ডিয়েগো মাৰাডোনাই। মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ আঠ দিনৰ পিছত চাকিৎসালয়ৰ পৰা ঘৰলৈ উভটিল মাৰাডোনা। অৱশ্যে চিকিৎসালয়ৰ পৰা ঘৰলৈ আহিলেও মাৰাডোনা সম্পূৰ্ণ চিকিৎসকৰ তত্বাৱধানত থাকিব লাগিব।
মাৰাডোনাৰ সুৰাৰ প্ৰতি থকা আসক্তি দূৰ কৰাটো বৰ্তমান জৰুৰী হৈ পৰিছে। বৰ্তমানৰ অৱস্থাত তেওঁ নামমাত্ৰ সুৰা সেৱন কৰিলেও স্বাস্থ্যৰ বাবে বিপদজনক হৈ পৰিব পাৰে। গতিকে তেওঁক জীয়ৰীৰ ঘৰৰ কাষতে ৰখা হৈছে।