অৱসৰ বিনোদনৰ বাবে মালদ্বীপ পালেগৈ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত
অলিম্পিয়া প্ৰতিবেদন: আই পি এলৰ অন্তত অৱসাদ আঁতৰোৱাৰ মন হিটমেনৰ । পৰিয়ালৰ সৈতে মালদ্বীপ পালেগৈ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত । ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে ফটো ।
চলিত আই পি এলত ইতিমধ্যে কোৱালিফায়াৰৰ পৰা বাহিৰ হৈছে ৰোহিত শৰ্মাৰ নেতৃত্বৰ মুম্বাই ইণ্ডিয়ানছ । দলটোৰ দুৰ্বল প্ৰদৰ্শনত আশাহত হ’ল লাখ লাখ অনুৰাগী । ১৪ খন মেচৰ ভিতৰত মাত্র ৪ খনতহে জয়ৰ মালা পিন্ধিলে যদিও কোৱালিফায়াৰলৈ বাছনি নহ’ল মুম্বাই । অন্তিমখন লীগ মেচতো দিল্লীৰ বিৰুদ্ধে ৰোহিতৰ অৱদান আছিল ১৩ টা বলত মাত্ৰ ২ ৰাণ ।
আই পি এল কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ৰোহিত শৰ্মাই এটা ছিজনত অৰ্ধশতক কৰিবলৈও ব্যৰ্থ হ’ল । এনে হতাশাৰ মাজতে মুম্বাইয়ে চলিত আই পি এলৰ পৰা বিদায় ললে । প্ৰায় দুমাহজোৰা অৱসাদ আঁতৰাবলৈ ৰোহিতক যেন প্ৰয়োজন জিৰণিৰ । একঘেয়ামী ক্ৰীড়াৰ পৰা সামান্য আঁতৰি সপৰিয়ালে ৰোহিতে এতিয়া জিৰণি লৈছে মালদ্বীপত । লগত আছে পত্নী ৰীতিকা সজদেহ আৰু জীয়ৰী চমইৰা ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
তেওঁলোকে বৰ্তমান মালদ্বীপৰ বিশেষ ৰিজৰ্টত অৱসৰ বিনোদনৰ দিন অতিবাহিত কৰিছে । নিৰিবিলি ঠাইত বহি অতিবাহিত কৰিছে সময় । শান্তিৰ পৰিবেশত কৰিছে ফটো শ্বুট । অধিনায়কজনে মালদ্বীপত তেওঁ পত্নীৰ সৈতে তোলা কেইবাখনো ফটো ইষ্টাগ্ৰাম পোষ্টত শ্বেয়াৰ কৰিছে । লগে লগে ভাইৰেল হিটমেনৰ এই বিশেষ ফটো ।অনুৰাগীসকলৰ মাজতো তুমুল চৰ্চা ।
উল্লেখযোগ্য যে, ভাৰতীয় অপেনাৰজনক ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশ্ৰাম দিয়া হৈছে । ৰোহিতে ইংলেণ্ড শৃংখলাৰ বাবে প্ৰস্তুতি চলাবলৈ ১৫ বা ১৬ জুনত মুখ্য প্ৰশিক্ষক ৰাহুল দাবিড়ৰ সৈতে মিলিত হ’ব ।
সেয়েহে, ৰোহিতে যেন ভাবিলে — এয়াই তেওঁৰ বাবে অৱসৰ বিনোদনৰ উপযুক্ত সময় । অনুৰাগীসকলেও কামনা কৰিছে — এই অৱসৰ বিনোদনৰ জৰিয়তে অৱসাদ দূৰ হওক হিটমেনৰ । ৰোহিতে প্ৰত্যাৱৰ্তন কৰক পূৰ্বৰ ছন্দলৈ ।