Thursday, July 7, 2022
HomeNewsআইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছত ত্ৰিমুকুট দখল টানিয়া কুমাৰীৰ

আইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছত ত্ৰিমুকুট দখল টানিয়া কুমাৰীৰ

অলিম্পিয়া প্রতিবেদন

গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত অনুষ্ঠিত আইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছ টুৰ্ণামেণ্টৰ যোৱা ১০ জুন, শুকুৰবাৰে সফল সামৰণি ঘটে । প্ৰতিযোগিতাখন ১৬ ৰ পৰা ১৮ বছৰ বয়সৰ লৰা আৰু ছোৱালী উভয় শাখাতে অনুষ্ঠিত কৰা হয় । উল্লেখযোগ্য যে উক্ত প্ৰতিযোগিতাখনত টানিয়া কুমাৰীয়ে ছোৱালীৰ ১৬ আৰু১৮ বছৰ অনুৰ্দ্ধ ছিংগলছ আৰু ১৮ বছৰ অনূৰ্দ্ধ ডাবোলছ — মুঠ তিনিটা খিতাপ দখল কৰি ত্ৰিমুকুট জয় কৰিবলৈ সক্ষম হয় ।
আনহাতে লৰাৰ শাখাত অন্তৰীক্ষ তামূলীয়ে ১৬ বছৰ অনূৰ্দ্ধ ছিংগলছত আৰু ১৮ বছৰ অনুৰ্দ্ধ ডাবলছত দুটাকৈ খিতাপ অর্জন কৰি দ্বিমুকুট জয় কৰে ।
খেলৰ শেষত বঁটা বিতৰণী অনুষ্ঠানত টেনিছ অনুৰাগী পৰাগ চুতীয়াই এক সুন্দৰ সমাবেশৰ সন্মুখত আইটাৰ সম্পাদক অংকুশ দত্তৰ উপস্থিতিত ট্ৰফী আৰু প্ৰমাণপত্ৰসমূহ বিতৰণ কৰে ।

প্ৰতিযোগিতাৰ ফলাফলসমূহ –- ১৮ বছৰ অনূৰ্দ্ধ ছিংগলছ ল’ৰাৰ ফাইনেলত কৰ্ণাটকৰ মানৱ হৰিৰাজে ৬-৪, ৬-১ ব্যৱধানত পৰাস্ত কৰে অসমৰ মানন নাথক ; ছোৱালী শাখাত তানিয়া কুমাৰীয়ে বিষ্ণুপ্ৰিয়া বৰগোহাঁইক ৬-১, ৬-২ ছেটত হৰুৱাই চেম্পিয়ন হয় ৷ ১৬ বছৰ অনূৰ্দ্ধ ল’ৰাৰ ছিংগলছ ফাইনেলত অন্তৰীক্ষ তামুলীয়ে ৬-২, ৬-২ ব্যৱধানত পাৰ্থিৱ কলিতাক আৰু ছোৱালী শাখাত তানিয়া কুমাৰীয়ে আদ্ৰিকা ৰাজকুমাৰীক ৬-২, ৬-০ ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰে ৷ ১৬ অনূৰ্দ্ধ ল’ৰাৰ ডাবোলছ ফাইনেলত ৰিয়ান কাশ্যপ আৰু ৰৌনক কাশ্যপ যুটিয়ে অসমৰ ছান্দোগ্য টি পাঠক আৰু বংগৰ শ্ৰীয়াংছ কে সাহানিক ০-৬, ৬-৩, ১০-৩ ছেটত পৰাস্ত কৰে ৷ ১৮ অনূৰ্দ্ধ ল’ৰাৰ ডাবোলছত অসমৰ যুটি মানন নাথ আৰু অন্তৰীক্ষ তামুলীয়ে ৭-৫, ৬-৪ ছেটত পৰাস্ত কৰে কৰ্ণাটকৰ মানৱ হৰিৰাজ আৰু মহাৰাষ্ট্ৰৰ অখিল মাতাপাৰ্থিক ৷ ১৮ অনূৰ্দ্ধ ছোৱালীৰ ডাবোলছ ফাইনেলত তানিয়া কুমাৰী আৰু টানিস্কা পাটৰে ৬-১, ৬-৩ ছেটত পৰাস্ত কৰে অংশিতা শুক্লা আৰু বিষ্ণুপ্ৰিয়া বৰগোহাঁইক ৷ এই বাতৰি প্ৰেৰণ কৰিছে অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments