ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ঐশ্চৰ্যশালী প্ৰতিযোগিতা ইণ্ডিয়ান চুপাৰ লীগ চমুকৈ IPL ৰ ত্ৰয়োদশ সংস্কৰণে ধনী কৰিলে আমিৰাট ক্ৰিকেট ব’ৰ্ডক। কৰ’না মহামাৰীৰ ভয়াবহতাৰ বাবে ইউনাইটেড আৰৱ আমিৰাটত অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনৰ বাবে আমিৰাট ক্ৰিকেট ব’ৰ্ডে ১০০কোটিৰো অধিক ধন লাভ কৰিবলৈ সক্ষম হৈছে।
মুম্বাই মিৰ’ৰ বাতৰি অনুসৰি IPL -2020 অনুষ্ঠিত কৰিবলৈ আমিৰাট ক্ৰিকেট ব’ৰ্ডক প্ৰায় ১০০কোটি টকা দিয়া হৈছে। মনকৰিবলগীয়া যে ভাৰতত প্ৰতিবছৰে আইপিএল অনুষ্ঠিত কৰিবলৈ খৰছ হয় ৬০ কোটি টকা। সেই অনুসৰি চলিত আইপিএলত বহু বেছি ধন বিচিচিআইয়ে খৰছ কৰিবলগীয়া হ’ল।
মুম্বাই মিৰ’ৰে লিখিছে বিচিচিআইয়ে এখন মেচ অনুষ্ঠিত কৰাৰ ধনৰ পৰিমাণ বৃদ্ধি কৰিছে। পূৰ্বে প্ৰতিখন মেচ অনুষ্ঠিত কৰিবলৈ ৩০ লাখ টকা দিয়া হৈছিল যদিও এতিয়া এই পৰিমাণ ৫০ লাখলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰিও বিচিচিআইয়েও এখন মেচ অনুষ্ঠিত কৰিবলৈ ৫০ লাখ টকা দিয়ে। ইয়াৰ ফলত মেচ অনুষ্ঠিত কৰা ৰাজ্যিক ক্ৰিকেট সংস্থাই ১কোটি টকা লাভ কৰে। বিচিচিআইয়ে ডুবাইত ইমান বৃহৎ ধন খৰছ কৰি প্ৰতিযোগিতাখন আয়োজন কৰাৰ পিছত এতিয়া প্ৰশ্নৰো সন্মুখীন হৈছে। কোনো কোনোৱে কৈছে, ইমান পইছা খৰছ কৰি ভাৰতত খৰছ কৰিলেও বুজিবলৈ পাৰি। কিয়নো ৰাজ্যৰ অনুশীলন সুবিধা, সুৰক্ষা আৰু মেচৰ পিছত ষ্টেডিয়াম পৰিস্কাৰ কৰাৰ কাম ৰাজ্যিক সংস্থাই কৰিবলগীয়া হয়।
মুম্বাই মিৰ’ৰে নাম উল্লেখ নকৰা এগৰাকী ফ্ৰেঞ্চাইজিৰ বিষয়াৰ মন্তব্যও তুলি ধৰিছে। তেওঁ কৈছে, ইউএইত ষ্টেডিয়ামত দৰ্শক নাছিল। সুৰক্ষাৰ কোনো প্ৰশ্নই নাছিল। টিমে অনুশীলনৰ বাবেও ধন দিবলগীয়া হ’ল।
আনহাতে আমিৰাট ক্ৰিকেট ব’ৰ্ডৰ উপৰিও বিচিচিআইৰ পৰা অন্যান্য বিভিন্ন সংস্থায়ো বহু ধন অৰ্জন কৰিলে। গোটেই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ সময়ছোৱাত প্ৰায় তিনি মাহৰ বাব ১৪ খন পঞ্চ তাৰকা হোটেল বুকিং কৰিবলগীয়া হৈছিল। ইয়াৰ বাবে বিচিচিআইৰ উপৰিও প্ৰতিটো টিমে মোটা অংকৰ ধন খৰছ কৰিবলগীয়া হ’ল।