Tuesday, October 4, 2022
HomeNewsআইপিএলৰ আটাইতকৈ জনপ্ৰিয় ফ্ৰেঞ্চাইজি মুম্বাই ইণ্ডিয়ানছ

আইপিএলৰ আটাইতকৈ জনপ্ৰিয় ফ্ৰেঞ্চাইজি মুম্বাই ইণ্ডিয়ানছ

অলিম্পিয়াৰ প্ৰতিবেদন

আইপিএলৰ আটাইতকৈ সফল টীম মুম্বাই ইণ্ডিয়ানছ। দলটোৱে মুঠ ৪ বাৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। ৰোহিত শৰ্মাৰ নেতৃত্বাধীন দলটোত আছে কেইবাজনো তাৰকা ক্ৰিকেটাৰ। সেইসকলৰ ভিতৰত ৰোহিত শৰ্মা, হাৰ্দিক পাণ্ডিয়া, কিৰণ পোলাৰ্ড, বোমৰাহ, লাচিথ মালিংগা আদি। দলটোৰ প্ৰতি স্বাভাৱিকতে অনুৰাগীসকল আকৰ্ষিত হৈ পৰে। যাৰবাবে দলটোৰ ফেন ফ’লৱিঙো যথেষ্ট।

আইপিএল ২০২০ অনুষ্ঠিত হোৱাৰ কিছুদিন পূৰ্বে এই মুম্বাই ইণ্ডিয়ানছে এক ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। দলটোৱে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত ৫ মিলিয়ন ফ’লৱাৰ লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে সৰ্বাধিক ফেন ফ’লৱিঙৰ তালিকাত দ্বিতীয় স্থানত আছে চেন্নাই চুপাৰ কিংছ।মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বাধীন চিএচকেৰ ইনষ্টাগ্ৰামত ফেন ফ’লৱিং ৪.৮ মিলিয়ন আৰু ৪ মিলিয়ন ফেন ফ’লৱিঙৰ সৈতে বিৰাট কোহলি নেতৃত্বাধীন আৰচিবি আছে তৃতীয় স্থানত।

আনহাতে আইপিএলৰ অন্যান্য ফ্ৰেঞ্চাইজিবোৰৰ ফেন ফ’লৱিং এই তিনিটা ফ্ৰেঞ্চাইজিৰ তুলনাত বহু কম। ইনষ্টাগ্ৰামত আইপিএলৰ আন এক শক্তিশালী ফ্ৰেঞ্চাইজি কলকাতা নাইট ৰাইডাৰ্চৰ ফেন ফ’লৱিং ২মিলিয়ন হোৱাৰ বিপৰীতে হায়দৰাবাদৰ ১.৫ মিলিয়ন, দিল্লী কেপিটেলছ আৰু কিংছ ইলেভেন পঞ্জাৱৰ ১.৪ মিলিয়ন ফেন ফ’লৱিং আছে। ইফালে আটাইতকৈ কম ফেন ফ’লৱিং আছে ৰাজস্থান ৰয়েলছৰ। দলটোৰ ইনষ্টাগ্ৰামত ফেন ফ’লৱিং মাত্ৰ ১ মিলিয়ন।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments