Thursday, July 7, 2022
HomeNewsআইপিএলৰ সফলতাত উৎফুল্লিত 'দাদা'

আইপিএলৰ সফলতাত উৎফুল্লিত ‘দাদা’

অলিম্পিয়াৰ প্ৰতিবেদন

অনেক বাধা আৰু প্ৰত্যাহ্বান নেওচি সফলতাৰে অনুষ্ঠিত হৈ আছে আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ। কৰ’নাৰ ভয়াবহতাৰ মাজতে সুদূৰ ইউ এ ইত জৈৱ সুৰক্ষাৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ আৰম্ভণি দিনটোতে সৃষ্টি হৈছে ইতিহাস। উদ্বোধনী মেচখন প্ৰায় ২০কোটি লোকে উপভোগ কৰিছে সৃষ্টি কৰিছে এক ইতিহাস। ইয়াৰ পিছত যিমানেই দিন বাঢ়িছে সিমানেই বাঢ়িছে প্ৰতিযোগিতাখনৰ জনপ্ৰিয়তা।

অনেক প্ৰত্যাহ্বানৰ মূৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ এই সাফল্যত উৎফুল্লিত বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী। তেওঁ আইপিএলৰ সফলতাত উৎফুল্লিত হৈ এইদৰে কয়, “অনেক বাধা অতিক্ৰম কৰি আৰম্ভ হৈছে আইপিএল। আৰম্ভণিৰ পূৰ্বে আমাৰ কোনেও প্ৰতিযোগিতাখন সফল হ’ব নে নাই তাকলৈ নিশ্চিত নাছিল। ব’ৰ্ডকাষ্টি‌ংৰ লগত জড়িতসকলো নিশ্চিত নাছিল। কিন্তু এতিয়া টিভি ৰেটিঙে আকাশ চুইছে। আমি আশা কৰিছিলোঁ আইপিএল বিশ্বৰ শ্ৰেষ্ঠ লীগ হিচাপে পৰিগণিত হ‌ওক। খেল পথাৰলৈ পুনৰ ক্ৰিকেট ঘূৰি আহক। টিভি ৰেটিঙৰ অনুসৰি আইপিএল সম্পূৰ্ণৰূপে সফল। অৱশ্যে আইপিএলৰ এই সফলতাত আমি অবাক হোৱা নাই। বিশ্বৰ শ্ৰেষ্ঠ টুৰ্ণামেণ্ট আইপিএল। এই টুৰ্ণামেণ্ট মানুহে চাব‌ই।”

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments