অলিম্পিয়াৰ প্ৰতিবেদন
আপুনি আই পি এল জুৱাত অংশগ্ৰহণ কৰে নেকি? যদি এই বদ অভ্যাস আছে তেনেহলে শীঘ্ৰে এই অভ্যাস ত্যাগ কৰক। নতুবা আপুননিও যাব লাগিব জেললৈ।
আইপিএল আৰম্ভ হোৱাৰ লগে লগে আইপিএলক কেন্দ্ৰ কৰি সক্ৰিয় হৈ পৰিছে বৃহৎ জুৱাৰ ঘাটি। এই জুৱাত ভাগ লৈছে বিভিন্নজনে। শেহতীয়াকৈ এনে এক জুৱাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী।
তেলেংগানাৰ আৰক্ষীয়ে নগদ ২ লাখ টকা আৰু দুটা মোবাইল ফোনৰ সৈতে এজন ক্ৰিকেট জুৱাৰীক গ্ৰেপ্তাৰ কৰিছে। তেলেংগানা আৰক্ষীৰ ভাষ্য অনুসৰি তেওঁলোকৰ কেইবাটাও গোটে অভিযান চলাই এই জুৱাৰীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জুৱাৰী জনৰ নাম শ্ৰীকান্ত বিৰাদাস। শ্ৰীকান্তক এক বৃহৎ পৰিমাণৰ ধন দিছিল আন এটা জুৱাৰী দীপক চনিয়ে। ইয়াৰ উপৰিও শ্ৰীকান্তক আৰু কেইবাজনেও ধশ দিছিল বুলি আৰক্ষীয়ে কৈছে। শ্ৰীকান্তে এই বৃহৎ পৰিমাণৰ ধন মেইন বুকী লাড়ুৰ হাতত দিয়াৰ কথা আছিল। এন ধনৰাশী লাড়ুৰ হাতত পৰাৰ আগতেই আৰক্ষীয়ে জব্দ কৰিছে আৰু শ্ৰীকান্তক জেললৈ প্ৰেৰণ কৰিছে। আনহাতে আইপিএলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা গোটেই জুৱাৰ ঘাটি উৎখাত্ কৰিবলৈ আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছে।