Wednesday, July 6, 2022
HomeNewsআইবাৰ এথলীট কমিটিৰ অধ্যক্ষৰ পদত লাভলীনা বৰগোহাঁই

আইবাৰ এথলীট কমিটিৰ অধ্যক্ষৰ পদত লাভলীনা বৰগোহাঁই

আইবাৰ এথলীট কমিটিৰ অধ্যক্ষৰ পদত লাভলীনা বৰগোহাঁই

অলিম্পিয়া প্ৰতিবেদন: ভাৰতীয় বক্সিং ক্ষেত্ৰত এক নজিৰবিহীন ঘটনা ৷ বিশ্ব বক্সিঙৰ এথলীট কমিটিৰ অধ্যক্ষ পদত নিৰ্বাচিত হৈছে ভাৰতৰ আগশাৰীৰ মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই ৷ ইয়াৰ লগতে অসমলৈও আহিছে ক্ৰীড়াক্ষেত্ৰৰ এক বিৰল মূহুৰ্ত ৷ অসমৰ দুই অগ্ৰণী বক্সাৰ আন্তঃৰাষ্ট্ৰীয় বক্সিং এথলীট কমিটিৰ বাবে নিৰ্বাচিত হৈছে ৷

আন্তঃৰাষ্ট্ৰীয় বক্সিং সন্থা (আইবা) -ই বুধবাৰে কৰা ঘোষণা অনুসৰি টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁই এথলীট কমিটিৰ অধ্যক্ষৰূপে আৰু অলিম্পিয়ান শিৱ থাপা সদস্যৰূপে নিৰ্বাচিত হৈছে ৷ তুৰস্কৰ ইস্তানবুলত সদ্যসমাপ্ত আইবা মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ সময়ত অনুষ্ঠিত নিৰ্বাচনত সৰ্বাধিক ভোট লাভ কৰে অসম কন্যা লাভলীনাই ৷ ইয়াৰ লগে লগে লাভলীনাই আইবা এথলীট কমিটিৰ বৰ্ড অৱ ডাইৰেক্টৰ্ছৰ ভোটিং ক্ষমতাযুক্ত সদস্যও হৈ পৰে ৷

আৰু অধিক পঢ়ক

তদুপৰি ২০২১ চনৰ আইবা পুৰুষ বক্সিং চেম্পিয়নশ্বিপৰ সময়ত অনুষ্ঠিত নিৰ্বাচনৰ যোগেদি দুই বাৰৰ অলিম্পিয়ান গুৱাহাটীৰ শিৱ থাপাই আইবা এথলীট কমিটিৰ সদস্যৰূপে নিৰ্বাচিত হয় ৷ বৰ্তমান ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ ছাইৰ ‘টাৰ্গেট অলিম্পিক পডিয়াম স্কীম’ অৰ্থাৎ টপ আচঁনিত অন্তৰ্ভূক্ত দুয়োগৰাকী ক্ৰীড়াবিদে তেওঁলোকৰ এই নতুন দায়িত্ব গ্ৰহণ কৰিছে আৰু বৰ্ড অৱ ডাইৰেক্টৰ্ছৰ সভাত ভাৰত আৰু আন দেশৰ বক্সাৰক প্ৰতিনিধিত্ব কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ৷

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

আইবাৰ এথলীট কমিটিৰ অধ্যক্ষৰূপে নিৰ্বাচিত হোৱাত মই অত্যন্ত গৌৰৱ অনুভৱ কৰিছো

দুয়োগৰাকী ক্ৰীড়াবিদক অভিনন্দন জনাইছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে ৷ টুইটযোগে তেওঁ লিখিছে, ‘‘ আইবা বক্সিং এথলীট কমিটিৰ অধ্যক্ষৰূপে নিৰ্বাচিত হোৱাত লাভলীনা বৰগোহাঁই আৰু উক্ত কমিটিৰ সদস্যৰূপে নিৰ্বাচিত হোৱাত শিৱ থাপাক অভিনন্দন ৷ এয়া বৰ গুৰু দায়িত্ব আৰু তেওঁলোকৰ কৰ্তব্য সঠিকভাৱে পালন কৰিবলৈ শুভেচ্ছা জ্ঞাপন কৰিছো ৷’’ বিশ্ব বক্সিঙৰ এই সন্মানজনক কমিটিৰ অধ্যক্ষৰূপে নিৰ্বাচিত হোৱা লাভলীনা বৰগোহাঁইয়ে কয়, ‘‘ আইবাৰ এথলীট কমিটিৰ অধ্যক্ষৰূপে নিৰ্বাচিত হোৱাত মই অত্যন্ত গৌৰৱ অনুভৱ কৰিছো ৷ মই সদস্য হ’ম বুলি আশা কৰিছিলো যদিও কমিটিৰ অধ্যক্ষ হোৱাৰ কথা কেতিয়াও ভবা নাছিলো ৷ ইয়াৰ ফলত ভাৰতীয় বক্সিং আৰু বিশেষকৈ মহিলা বক্সিঙক বিশ্বৰ আন বক্সাৰৰ পৰ্যায়লৈ উন্নীত কৰাত মোক সহায় কৰিব ৷’’

স্বাভাৱিক সৰলতাৰে অসমৰ গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ বাৰমুখীয়া গাঁৱৰ যুবতী গৰাকীয়ে লগতে কয়, ‘‘বক্সিঙক উন্নত পৰ্যায়লৈ নিয়াৰ বাবে এয়া মোৰ বাবে এক বৃহৎ সুযোগ ৷ প্ৰথমে মই আন সদস্য আৰু বিশ্বৰ বক্সাৰসকলৰ সৈতে তেওঁলোকৰ সমস্যাবোৰৰ বিষয়ে আলোচনা কৰাৰ পৰিকল্পনা কৰিছো ৷ ইয়াৰ পাছত তেওঁলোকৰ পৰামৰ্শ আৰু অভিযোগসমূহ বৰ্ড অৱ ডাইৰেক্টৰ্ছৰ সভাত উপস্থাপন কৰিম ৷’’

আইবাৰ এথলীট কমিটিৰ অধ্যক্ষৰূপে লাভলীনা আৰু সদস্যৰূপে শিৱ থাপা নিৰ্বাচিত হোৱাত অসমৰ ক্ৰীড়াজগতত আলোড়ণৰ সৃষ্টি হৈছে ৷ নিজস্ব দক্ষতাৰ যোগেদি অসমৰ এই দুয়োগৰাকী অগ্ৰণী বক্সাৰে ভাৰতীয় বক্সিঙৰ লগতে বিশ্ব বক্সিঙৰ ক্ষেত্ৰলৈ যাত্ৰা কৰা বুলি সকলোৱে মন্তব্য কৰিছে ৷ ৰাজ্যখনৰ বিভিন্ন ক্ৰীড়া সংগঠনে দুয়োগৰাকী ক্ৰীড়াবিদকে অভিনন্দন জনাইছে ৷ অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰা এই/ নতুন দায়িত্ব সুকলমে পালন কৰিব বুলি আশা কৰি লাভলীনা বৰগোহাঁই আৰু শিৱ থাপালৈ থাকিল অযুত শুভেচ্ছা ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 + 16 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments