Tuesday, October 4, 2022
HomeNewsআইবা এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ভাৰতীয় দলত অসমৰ শিৱ, লাভলীনা, অংকুশিতা

আইবা এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ভাৰতীয় দলত অসমৰ শিৱ, লাভলীনা, অংকুশিতা

আইবা এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ভাৰতীয় দলত অসমৰ শিৱ, লাভলীনা, অংকুশিতা

অলিম্পিয়া প্ৰতিবেদন: জৰ্দানৰ ৰাজধানী আম্মানত অহা ৩০ অক্টোবৰৰ পৰা ১২ নবেম্বৰলৈ অনুষ্ঠিত হ’ব আইবা এছিয়ান বক্সিং চেম্পিয়নশ্বিপ । এই সন্মানজনক আন্তৰ্জাতিক বক্সিং প্ৰতিযোগিতাখনত ভাৰতীয় ২৫ জনীয়া পুৰুষ – মহিলা দলত অসমৰ ৩ গৰাকী বক্সাৰে স্থান লাভ কৰিছে । তেওঁলোক হ’ল — পুৰুষৰ শিৱ থাপা, মহিলাৰ লাভলীনা বৰগোঁহাই আৰু অংকুশিতা বড়ো । ইয়াৰ ভিতৰত শিৱ থাপাই পুৰুষৰ ৬৩.৫ কেজি শাখাত, অংকুশিতা বড়োৱে মহিলাৰ ৬৬ কেজি আৰু লাভলীনা বৰগোঁহায়ে ৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰিব । ভাৰতীয় দলটোত আছে পুৰুষৰ ১৩ গৰাকী আৰু মহিলাৰ ১২ গৰাকী বক্সাৰ ।

ভাৰতীয় দলটো হ’ল পুৰুষ —-
গোবিন্দ চাহানী ( ৪৮ কেজি ), স্পৰ্শ কুমাৰ ( ৫১ কেজি), শচীন (৫৪ কেজি), মহম্মদ হুচামুদ্দিন (৫৭ কেজি),
ইটাচ খান (৬০ কেজি), শিৱ থাপা ( ৬৩.৫ কেজি), অমিত কুমাৰ (৬৭ কেজি), শচীন ( ৭১ কেজি), সুমিত ( ৭৫ কেজি), লক্ষ্য চি ( ৮০ কেজি), কপিল পি ( ৮৬ কেজি),নবীন কে ( ৯২ কেজি), নৰেন্দৰ (৯২ কেজি উৰ্ধৰ);

মহিলা: মনিকা ( ৪৮ কেজি); সবিতা (৫০ কেজি); মীনাক্ষী (৫২ কেজি); সাক্ষী ( ৫৪ কেজি); কৃতী ( ৫৭ কেজি); ছিমৰঞ্জিত (৬০ কেজি), পাৰবীন ( ৬৩ কেজি), অংকুশিতা বড়ো ( ৬৬ কেজি), পূজা (৭০ কেজি), লাভলীনা ( ৭৫ কেজি), ছুইটী (৮১ কেজি) আৰু আলফিয়া (৮১ কেজি উৰ্ধৰ) ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments