অলিম্পিয়া প্রতিবেদন
তুৰস্কৰ ইস্তানবুলত চলি থকা আইবা মহিলাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ নিষাত জাৰীণে খিতাপৰ যুঁজলৈ অগ্ৰসৰ হৈছে । ৫২ কে:জি ওজন শাখাত বুধবাৰে নিষাতে ছেমি ফাইনেলত ৫-০ ব্যৱধানত পৰাস্ত কৰে ব্ৰাজিলৰ প্ৰতিদ্বন্দীক । অন্তিম চাৰিৰ যুঁজত নিষাতে চেৰলিন দি আলমেদাক কোনো সুযোগ নিদিয়াকৈ পৰাস্ত কৰে । ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেলত নিষাতে ইংলেণ্ডৰ চাৰ্লি ডেভিচনক ৫-০ ব্যৱধানত পৰাস্ত কৰি পদক নিশ্চিত কৰিছিল । অন্তিম দুইত প্ৰবেশৰ লগে লগে নিষাতে এই সন্মানজনক টুৰ্ণামেণ্টত খিতাপ জয়ৰ পৰা মাত্ৰ এখোজ দূৰত্বত অৱস্থান কৰিছে ।