Tuesday, July 5, 2022
HomeNewsআই এইছ এফ এফ শ্বেৰু ক্লাচিকত ভাস্কৰ তামূলীৰ স্বৰ্ণ অৰ্জন

আই এইছ এফ এফ শ্বেৰু ক্লাচিকত ভাস্কৰ তামূলীৰ স্বৰ্ণ অৰ্জন

আই এইছ এফ এফ শ্বেৰু ক্লাচিকত ভাস্কৰ তামূলীৰ স্বৰ্ণ অৰ্জন

অলিম্পিয়া প্ৰতিবেদন: পেছাদাৰী বডি ব্লিডিঙত অসম সন্তানৰ সাফল্য । আই এইছ এফ এফ শ্বেৰু ক্লাচিকত ভাস্কৰ তামূলীৰ স্বৰ্ণ অৰ্জন । দিল্লীত পদক হাতত লৈ ভাস্কৰৰ মুখত বিৰিঙিল বিজয়ৰ হাঁহি । পেছাদাৰী বডিং বিল্ডিঙৰ বিশ্ব মানৰ প্ৰতিযোগিতা হল আই এইছ এফ এফ শ্বেৰু ক্লাছিক প্ৰতিযোগিতা । য’ত অংশগ্ৰহণ কৰে দেশ- বিদেশৰ পেছাদাৰী বডি ব্লিল্ডাৰ সকলে ।

এইবৰ্ষৰ ১৭ জুনৰ পৰা ১৯ জুনলৈ দিল্লীৰ প্ৰগতি মৈদানত অনুষ্ঠিত হ’ল এই বডি বিল্ডিং প্ৰতিযোগিতা । সমাবেশ ঘটিল ভাৰতৰ উপৰি ইৰাণ, থাইলেণ্ড আদি দেশৰ প্ৰায় ১০০০ প্ৰতিযোগীৰ । এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে অসমৰ তিনিগৰাকী বডি বিল্ডাৰে । তেওঁলোক হ’ল– ভাস্কৰ তামূলী, বিক্ৰম ডেকা আৰু আলিফ আহমেদ ।

আৰু অধিক পঢ়ক

আন্তঃৰাষ্ট্ৰীয় বডি বিল্ডাৰৰ মাজত জিলিকিল অসম সন্তান

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাত অসম সন্তান ভাস্কৰৰ দুৰ্দান্ত প্ৰদৰ্শনত অভিভূত হৈ পৰিল দৰ্শক । ৮০ পৰা ৯০ কিঃগ্ৰা শাখাত ভাস্কৰ তামূলীয়ে আঁজুৰি আনিলে স্বৰ্ণ পদক । এই শাখাত ৩০ গৰাকী আন্তঃৰাষ্ট্ৰীয় মান সম্পন্ন বডি বিল্ডাৰৰ মাজত জিলিকিল অসম সন্তান । সোণৰ পদক হাতত লৈ ভাস্কৰে অসমলৈ কঢ়িয়াই আনিছে গৌৰৱ ।আন্তঃৰাষ্ট্ৰীয় পেছাদাৰী বডিং বিল্ডিঙত পদক অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া বডি বিল্ডাৰ হিচাপে চিহ্নিত হল ভাস্কৰ । এয়া অসমৰ পেছাদাৰী বডিং বিল্ডিং ক্ষেত্ৰৰ বাবে এক ইতিহাস ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

পিছে ভাস্কৰৰ এই বডিং বিল্ডিঙৰ যাত্রা নাছিল মসৃণ । আজিৰ পৰা প্ৰায় ৫ বছৰৰ পূৰ্বে এক দুৰ্ঘটনাত পতিত হৈ হুইল চেয়াৰত দিন কটাবলগীয়া হয় তেওঁ । সকলো প্ৰত্যাহ্বান নেওচি ২০০১৭-১৮ বৰ্ষত মিঃ ইণ্ডিয়াৰ খিতাপ অৰ্জন কৰিছিল ভাস্কৰে । ৰাষ্ট্ৰীয় পৰ্যায়ত বহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলেও ভাস্কৰৰ এয়া আছিল প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা ।

গোলাঘাট দেৰগাঁৱৰ সু সন্তান ভাস্কৰৰ আছে অন্য এক পৰিচয় । বিভিন্ন ধাৰাবাহিক, চলচ্চিত্ৰত অভিনয়ৰে অসমৰ দৰ্শকৰ মাজত জনপ্ৰিয় ভাস্কৰ তামূলী । বৰ্তমান অভিনয়ৰ সমান্তৰালভাৱে তেওঁ গুৱাহাটীৰ জু ৰোডত মুকলি কৰিছে “ভাস্কৰ টেনছফৰমেছন ষ্টুডিঅ ” নামেৰে এক ফিটনেছ চেন্টাৰ । ইয়াৰ পৰাই বহু উদীয়মান প্ৰতিভাই ইতিমধ্যে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে ।

ক্ৰীড়া অনুৰাগীৰ আশা– -ভাস্কৰ তামুলীৰ এই আন্তঃৰাষ্ট্ৰীয় মুখী জয়ৰ ধাৰা চিৰপ্ৰবাহমান হওক । এইগৰাকী অসম সন্তানলৈ অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰাও জনালো অভিনন্দন ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments