দিল্লীত অনুষ্ঠিত হৈ থকা আই এছ এছ এফ বিশ্বকাপৰ মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টত ভাৰতৰ চিংকি যাদৱে স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাখনৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টৰ ফাইনেলত চিংকিয়ে এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী Rahi Sarnobat ক পৰাস্ত কৰিবলৈ সক্ষম হয়।
উল্লেখ্যে নতুন দিল্লীৰ কাৰ্ণী সিং শ্বুটিং ৰেঞ্জত চলি থকা বিশ্বকাপখনত বৰ্তমানলৈকে ভাৰতৰ প্ৰদৰ্শন চকুত লগা। প্ৰতিযোগিতাখনত বৰ্তমনালৈকে ভাৰতে ১৯ টা পদক লাভ কৰিছে ইয়াৰে ৯ টা স্বৰ্ণ, ৫টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ।