Monday, July 4, 2022
HomeNewsআই এছ এছ এফ বিশ্বকাপত ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলৰ স্বৰ্ণ...

আই এছ এছ এফ বিশ্বকাপত ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলৰ স্বৰ্ণ লাভ

দিল্লীত অনুষ্ঠিত হোৱা আই এছ এছ এফ বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ মহিলা দলটোৰ যশস্বীনি সিং দেশৱাল, মনু ভাকেৰ আৰু শ্ৰী নিৱেথাই মহিলা দলৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত স্বৰ্ণ পদক জয় কৰাৰ বিপৰীতে সৌৰভ চৌধুৰী , অভিষেক বাৰ্মা আৰু শ্বাহৰাজ ৰিজবীৰ দ্বাৰা গঠিত পুৰুষ দলটোৱেও ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে।

মহিলা দলটোৱে পোলেণ্ডৰ জুলিটা বৰেক, জুৱান্না ইৱানা ৱাওজনৱস্কা আৰু এগনিজকা কৰেজৱক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিছে। আনহাতে পুৰুষ দলটোৱে স্বৰ্ণ পদক অৰ্জন কৰাৰ পথত ভিয়েটনামক পৰাস্ত কৰিছে।

ইফালে প্ৰতিযোগিতাখনৰ তৃতীয়টো দিনত ভাৰতৰ যুৱ শ্বুটাৰ গণীমট্ট শ্বেখুৱে মহিলাৰ স্কীট শাখাত লাভ কৰিছে তেওঁৰ প্ৰথমটো আই এছ এছ এফ বিশ্বকাপ পদক।

ইযাৰ উপৰিও ঐশ্বৰ্য প্ৰতাপ সিং তোমৰ, দীপক কুমাৰ আৰু পংকজ কুমাৰৰ দ্বাৰা গঠিত ভাৰতীয় এয়াৰ ৰাইফলছ পুৰুষ দলটোৱে ৰূপৰ পদক লাভ কৰিছে। স্বৰ্ণ পদকৰ বাবে ভাৰতীয় দলটোৱে যুঁজদি আমেৰিকাৰ হাতত ২ পইণ্টৰ ব্যৱধানত পৰাস্ত হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments