Sunday, October 2, 2022
HomeNewsআই এছ এল: হায়দৰাবাদ এফ চি'ৰে চুক্তিবদ্ধ হ'ল অসমৰ হলিচৰন নাৰ্জাৰী

আই এছ এল: হায়দৰাবাদ এফ চি’ৰে চুক্তিবদ্ধ হ’ল অসমৰ হলিচৰন নাৰ্জাৰী

অলিম্পিয়া বাৰ্তা

ভাৰতীয় ফুটবল দলৰ এজন অভিজ্ঞ খেলুৱৈ অসমৰ হলিচৰন নাৰ্জাৰী ২০২১-২২ বৰ্ষৰ বাবে চুক্তিবদ্ধ হৈছে হায়দৰাবাদ এফ চিৰ সৈতে। ২৬ বছৰীয়া ফুটবলাৰগৰাকীয়ে ইয়াৰ আগেয়ে কেৰেলা এফ চিৰ হৈ খেলিছিল।

ভাৰতৰ বিভিন্ন লীগৰ মুঠ সাতটা দলৰ হৈ খেলাৰ অভিজ্ঞতাপুষ্ট হলিচৰনে আই এছ এলত এই পৰ্যন্ত ৫৯ খন মেচত ভাগ লৈছে। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা শীৰ্ষ ৩০ জন খেলুৱৈৰ মাজত আছে অসমৰ এইগৰাকী ষ্টাৰ ফুটবলাৰৰ নাম।

“মই হায়দৰাবাদ এফ চিত যোগ দিবলৈ পাই নথৈ আনন্দিত। এটা নতুন দল হিচাবে মোৰ বাবে এক নতুন প্ৰত্যাহ্বান হ’ব। মই দলৰ সতীৰ্থসকলক লগ পাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। আশা কৰিছোঁ এই পৰিস্থিতিৰ সোনকালে পৰিৱৰ্তন হ’ব আৰু অতি সোনকালে আমি খেলপথাৰত নামিব পাৰিম।” দলটোৰে চুক্তিবদ্ধ হোৱাৰ পাছত এইদৰে কয় ভাৰতৰ তাৰকা মিডফিল্ডাৰজনে।

ইফালে হায়দৰাবাদ এফ চিৰ প্ৰশিক্ষক এলবাৰ্ট ৰ’কাই নাৰ্জাৰীক চুক্তিবদ্ধ কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে তেওঁৰ উপস্থিতিত দলে আগন্তুক সময়ত ভাল প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে।

“নাৰ্জাৰী এগৰাকী সুদক্ষ খেলুৱৈ। যোৱা কেইটামান বছৰ ধৰি তেওঁ ক্লাব আৰু দেশ উভয়ৰে বাবে এগৰাকী মূল্যবান খেলুৱৈ হিচাবে নিজকে প্ৰতিষ্ঠা কৰিছে। আমি তেওঁক আমাৰ মাজত লাভ কৰি সুখী।” হায়দৰাবাদ এফ চিৰ প্ৰশিক্ষকগৰাকীয়ে হলিচৰনৰ বিষয়ে এইদৰে কয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments