Thursday, July 7, 2022
HomeNewsআই চি চিৰ মাহটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ দৌৰত ভাৰতৰ ঋষভ পণ্ট

আই চি চিৰ মাহটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ দৌৰত ভাৰতৰ ঋষভ পণ্ট

আই চি চিয়ে নতুনকৈ ঘোষণা কৰা মাহটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকাত ভাৰতৰ একমাত্ৰ ক্ৰিকেটাৰ হিচাপে প্ৰতিভাৱান ক্ৰিকেটাৰ ঋষভ পণ্টে স্থান লাভ কৰিছে। আনহাতে এই তালিকাত ইংলেণ্ডৰ জো ৰুট আৰু আয়াৰলেণ্ডৰ প’ল ষ্টাৰ্লিঙে মনোনয়ন লাভ কৰিছে। আনহাতে মহিলাৰ শাখাত এই বঁটাৰ বাবে মনোনীত হৈছে পাকিস্তানৰ ডায়েনা বেগ, দক্ষিণ আফ্ৰিকাৰ শৱনম ইছমাইল আৰু মাৰিজান কেপক।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত ঋষভে দাঙি ধৰা প্ৰদৰ্শনৰ বাবে তেওঁক এই বঁটাৰ বাবে মনোনীত কৰিছে। ঋষভে ছিডনী টেষ্টত ৯৭ ৰান আৰু ব্ৰিছবেন টেষ্টত ৮৯ ৰানৰ বিস্ফোৰক ইনিংছ খেলিবলৈ সক্ষম হৈছিল। ইংলেণ্ডৰ জো ৰুটে শ্ৰীলংকাৰ বিৰুদ্ধে গালেত অনুষ্ঠিত দুখন টেষ্টত ২২৮ আৰু ১৪৬ ৰানৰ দৰ্শনীয় ইনিংছ খেলিবলৈ সক্ষম হৈছিল। প’ল ষ্টাৰ্লিঙে ইউ এ ই আৰু আফগানিস্তানৰ বিৰুদ্ধে তিনিটা শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। যাৰ সোৱাদত ক্ৰিকেটাৰ দুগৰাকী এই বঁটাৰ বাবে মনোনীত হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments