Friday, September 30, 2022
HomeNewsআই চি চি টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা

আই চি চি টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা

আই চি চি টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা

অলিম্পিয়া প্ৰতিবেদন: কাউন্ট ডাউন আৰম্ভ । আহি পালে আই চি চি টি-২০ বিশ্বকাপ । বিশ্বকাপ ক্ৰিকেটৰ বাবে ভাৰতীয় দল ঘোষণা । পুনৰ ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ । অহা ১৬ অক্টোবৰৰ পৰা অষ্ট্ৰেলিয়াত আৰম্ভ হ’ব ক্ৰিকেটৰ অন্য এক মহাৰণ আইচিচি পুৰুষৰ টি -২০ বিশ্বকাপ । গ্ৰুপ ২- ত আছে ভাৰত, পাকিস্তান, দক্ষিণ আফ্ৰিকা, বাংলাদেশ আৰু দুখন কোৱালিফায়াৰ দেশ ।

২৩ অক্টোবৰত মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত পাকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব ভাৰতে । ১৩ নৱেম্বৰত বিশ্বকাপৰ ফাইনেল । কোনে দখল কৰিব এই ছিজনৰ বিশ্বকাপত চেম্পিয়নৰ খিতাপ ? এনে জল্পনা – কল্পনাৰ মাজতে সোমবাৰে বি চি চি আইয়ে বিশ্বকাপৰ বাবে ঘোষণা কৰিলে ১৫ জনীয়া ভাৰতীয় দলটো । দলৰ নেতৃত্বত থাকিব হিটমেন ৰোহিত শৰ্মা । পেচ বলিং যুটি যশপ্ৰীত বুমৰাহ আৰু হৰ্ষল পেটেল । ইফালে আঘাতৰ পৰা সুস্থ হৈ প্ৰত্যাৱৰ্তন কৰা দলটোৰ সহ অধিনায়কৰ দায়িত্ব পালন কৰিব কে এল ৰাহুলে । ৰোহিত শৰ্মা, বিৰাট কোহলি, কে এল ৰাহুল, সূৰ্য্যকুমাৰ যাদৱ, দীপক হুদাক তাৰকা বেটাৰ ৰূপে স্থান দিয়া হৈছে । অলৰাউণ্ডাৰ হিচাপে স্থান লাভ কৰিছে হাৰ্ডিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলে ।

আনহাতে, পুনৰ বিশ্বকাপতো উইকেট কীপাৰ হিচাপে খেলপথাৰত দেখা যাব ঋষভ পন্ট আৰু দীনেশ কাৰ্তিকক । লগতে বলিঙত পেচ আক্ৰমণৰ গুৰি ধৰিবলৈ দলটোত সামৰি লোৱা হৈছে ভূৱনেশ্বৰ কুমাৰক । তদুপৰি যুৱ বলাৰ অৰ্শদীপ সিঙে এই বিশ্বকাপত বাওঁহাতৰ পেচ বলিঙেৰে চমক দিবলৈ সাজু হৈছে । স্পীন বলিঙত দেখা পোৱা যাব ৰবিচন্দ্ৰন অশ্বিন, যুজবেন্দ্ৰ চাহাল আদি দুৰ্ধৰ্ষ ভাৰতীয় বলাৰক । বি চি চি আইয়ে প্ৰকাশ কৰা তালিকা মতে, ষ্টেণ্ডবাই খেলুৱৈ ৰূপে থাকিব মহম্মদ ছামি , শ্ৰেয়াছ আয়াৰ, ৰবি বিষ্ণই আৰু দীপক চাহাৰ ।

পৰিতাপৰ কথাটো হ’ল এই তালিকাত স্থান লাভ কৰা নাই অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজা আৰু আৱেশ খানে । আঘাতৰ বাবে দললৈ নিৰ্বাচিত নহ’ল ভাৰতীয় ক্ৰিকেটৰ যুঁজাৰু জাডেজা ।

টি-২০ বিশ্বকাপ প্ৰত্যক্ষ কৰিবলৈ কঁকালত টঙালি বান্ধিছে বিশ্বৰ ক্ৰিকেট অনুৰাগীয়ে । ভাৰতে বিশ্বকাপত পাৰিবনে চেম্পিয়নৰ খিতাপ দখল কৰিব ? ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰত কি পৰ্যায়লৈ গতি ল’ব, সেয়া হ’ব লক্ষণীয় । এতিয়া আপেক্ষা মাথোন ২৩ অক্টোবৰলৈ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments