আই চি চি বিশ্বকাপলৈ কোনে কোনে অৰ্জন কৰিব যোগ্যতা ?
অলিম্পিয়াৰ প্ৰতিবেদন: কাউণ্ট ডাউন আৰম্ভ হ’ল ! পুনৰবাৰ ভাৰতৰ মাটিত অনুষ্ঠিত হ’বলৈ আগবাঢ়িছে বিশ্ব ক্ৰিকেটৰ মহাৰণ । আগন্তুক বৰ্ষত অৰ্থাৎ ২০২৩ ত ভাৰতত অনুষ্ঠিত হ’ব আই চি চি এদিনীয়া বিশ্বকাপৰ ত্ৰয়োদশ সংস্কৰণ । ইয়াৰ বাবে ইতিমধ্যে ভাৰতে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰাৰ লগতে আই চি চিয়েও বিশ্বকাপখনক লক্ষ্য কৰি আৰম্ভ কৰিছে বিশ্বকাপ ছুপাৰ লীগ ।
বিশ্বকাপ ছুপাৰ লীগত বাংলাদেশ শীৰ্ষত
বিশ্বকাপ ছুপাৰ লীগ মুঠ ১৩ টা দলৰ মাজত অনুষ্ঠিত হৈছে । এই দলকেইটাৰ মাজৰ পৰাই বিশ্বকাপৰ বাবে দলবোৰে যোগ্যতা অৰ্জনৰ সুযোগ লাভ কৰিব । অৰ্থাৎ এই ছুপাৰ লীগৰ শীৰ্ষত থকা ৭ টা দলে আৰু আয়োজক দেশ হিচাপে ভাৰতে বিশ্বকাপৰ বাবে পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিব । আনহাতে অন্যান্য দলবোৰৰ মাজত আন এক যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।
আই চি চিৰ মুঠ ১২ সদস্য ৰাষ্ট্ৰই ছুপাৰ লীগত অংশ লোৱাৰ উপৰি নেডাৰলেণ্ডেও এই লীগত খেলাৰ সুযোগ লাভ কৰিছে । আই চি চি বিশ্বকাপ লীগ ২০১৫-১৭ ত নেডাৰলেণ্ড বিজয়ী হোৱাৰ বাবে এইবাৰৰ লীগত খেলাৰ সুযোগ লাভ কৰিছে ।
আই চি চি ছুপাৰ লীগ প্ৰতিযোগিতাখন ২০২০ চনৰ জুলাইত আৰম্ভ হৈছিল । ইংলেণ্ড-আয়াৰলেণ্ড শৃংখলাৰ সৈতে আৰম্ভ হোৱা এই লীগৰ প্ৰথম পৰ্যায়ত দুয়োটা দলৰ মাজত তিনিখন খেলৰ এক শৃংখলা অনুষ্ঠিত হৈছিল । এই শৃংখলাত ইংলেণ্ডে ২-১ ব্যৱধানত বিজয় সাব্যস্ত কৰিছিল ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
ভাৰতে ২০২২ চনৰ ২৭ নৱেম্বৰত ছিডনীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই লীগৰ প্ৰথম খন খেল খেলিছে । দুয়োখন দেশৰ মাজত অনুষ্ঠিত এই তিনিখন মেচৰ শৃংখলাত ভাৰতে ১-২ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয় ।
এই লীগৰ অধীনত, নিউজিলেণ্ডৰ বাহিৰে সকলো দলে কমেও ১০ খন মেচ খেলিছে । ১৮ খন খেলৰ পৰা ১২০ পইণ্ট লাভ কৰি বাংলাদেশ লীগৰ শীৰ্ষস্থানত আছে । বাংলাদেশে ১৮ খন মেচৰ ভিতৰত ১২ খনত জয়লাভ কৰাৰ বিপৰীতে ৬ খনত পৰাজয় স্বীকাৰ কৰিছে ।
ইংলেণ্ডে এই লীগত ৯৫ পইণ্ট লাভেৰে দ্বিতীয় স্থানত
আনহাতে ইংলেণ্ডে এই লীগত ৯৫ পইণ্ট লাভেৰে দ্বিতীয় স্থানত আছে । ইংলেণ্ডে ১৫ খন মেচ খেলি ৯ খনত জয়লাভ কৰি এই পইণ্ট অৰ্জন কৰিছে ।ইয়াৰ উপৰি আফগানিস্তান, ৱেষ্ট ইণ্ডিজ এই লীগৰ ক্ৰমান্বয়ে তৃতীয় আৰু চতুৰ্থ স্থানত আছে । ভাৰতে আকৌ লীগত বৰ্তমানলৈকে ১২ খন মেচ খেলি মুঠ ৮ খন মেচত জয়লাভ কৰাৰ বিপৰীতে ৪ খনত পৰাজয় স্বীকাৰ কৰি পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে । ভাৰতে লাভ কৰিছে ৭৯ পইণ্ট ।
যদিও ভাৰতে অন্যান্য দলবোৰৰ লগত এই লীগত অংশগ্ৰহণ কৰিছে তথাপি এই লীগৰ পইণ্ট তালিকা অথবা লীগৰ হৰা জিকাই নিৰ্ণয় নকৰে ভাৰতৰ বিশ্বকাপত অংশগ্ৰহণৰ বিষয়টো । কিয়নো ভাৰতে আয়োজক হিচাপে বিশ্বকাপত ডাইৰেক্ট এণ্ট্ৰি লাভ কৰিছে । অৱশ্যে ভাৰতে অন্যান্য দলবোৰৰ দৰে লীগৰ সকলো মেচতে অংশগ্ৰহণ কৰিব লাগিব ।
উল্লেখ্য যে, এই বছৰজোৰা লীগখনত মুঠ ১৫৬ খন মেচ খেলা হ’ব — য’ত সকলো দলে ২৪ খন মেচ খেলিব লাগিব । দুখন দেশৰ মাজত অনুষ্ঠিত দ্বিপাক্ষিক শৃংখলাবোৰ ছুপাৰ লীগৰ অধীনলৈ আহিছে । এই সময়ছোৱাত প্ৰতিটো দলে ৩ খন কৈ মুঠ ৮ খন দেশৰ সৈতে একোটাকৈ শৃংখলাত অংশ লব লাগিব । ইয়াৰ ভিতৰত ৪ খন শৃংখলা নিজৰ ঘৰৰ মাটিত আৰু আন ৪ খন শৃংখলা বিদেশত খেলিব লাগিব ।
লীগৰ অধীনৰ প্ৰতিখন মেচ জয়ৰ বিনিময়ত প্ৰতিটো দলক ১০ পইণ্ট কৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু যদি লীগৰ কোনো মেচ বাতিল বা টাই বা ফলাফল শূন্য হিচাপে বিবেচিত হৈছে বা হ’ব তেন্তে তাৰ বিনিময়ত দুয়ো দলকে ৫ পইণ্টকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে ।