অলিম্পিয়া প্ৰতিবেদন
মুম্বাই ইণ্ডিয়ানছৰ বিপক্ষে শ্বাসৰুদ্ধকৰ মেচত ছুপাৰ অভাৰৰ সহায়ত বিজয় সাব্যস্ত কৰিলে বিৰাট বাহিনীয়ে। মুম্বাইক ২০২ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰি দিয়াত মুখ্য ভূমিকা লৈছিল এবি ডিভিলিয়াৰ্ছে। ২৪ টা বলত ৫৫ ৰান কৰি বেংগালুৰুৰ বাবে ৰানৰ পাহাৰ গঢ়িছিল এবিয়ে। দলীয় স্ক’ৰত অৱদান আগবঢ়োৱাৰ সমান্তৰালভাৱে এবি ডিভিলিয়াৰৰ্ছে নিজেও স্পৰ্শ কৰিলে এক ব্যক্তিগত মাইলষ্টন।
ইণ্ডিয়ান প্ৰিমীয়াৰ লীগৰ পঞ্চম গৰাকী বেটছমেন হিচাবে ডিভিলিয়াৰ্ছে প্ৰৱেশ কৰিছে চাৰে চাৰি হাজাৰ ৰানৰ ক্লাবত। এই ক্লাবত প্ৰৱেশ কৰা তেওঁ হৈছে দ্বিতীয়গৰাকী বিদেশী ক্ৰিকেটাৰ। তালিকাত স্থান লাভ কৰা প্ৰথমগৰাকী বিদেশী ক্ৰিকেটাৰ হৈছে হায়দৰাবাদ ছান ৰাইজাৰ্ছৰ ডেভিড ৱাৰ্নাৰ। ডিভিলিয়াৰ্ছে এই পৰ্যন্ত ১৫৭ খন মেচ খেলি ৪৫২৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।
ডিভিলিয়াৰ্ছ, ৱাৰ্নাৰ বাদেও এই তালিকাত থকা আন ক্ৰিকেটাৰকেইগৰাকী হৈছে বিৰাট কোহলি, ৰোহিত শৰ্মা, সুৰেশ ৰাইনা।