অলিম্পিয়া প্ৰতিবেদন
এফালে ৰাণৰ পাহাৰ, আনফালে ৰেকৰ্ডৰ বৰষুণ । আই পি এলৰ মুম্বাইৰ বিৰুদ্ধে কলকাতাৰ চতুৰ্দশ মেচত ঘটিল কেইবাটাও বিৰল ঘটনা । আই পি এল ক্ৰিকেট ইতিহাসত এই মেচখন পৰিগণিত হৈছে বিশেষ স্বৰূপে ।
বুধবাৰে আই পি এলৰ মৈদানত নিজা অন্তিমখন লীগ মেচৰ বাবে খেলপথাৰত অৱতীৰ্ণ হ’ল লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ । লক্ষ্ণৌৱে প্ৰথমে বেটিং কৰি এটাও উইকেট নোযোৱাকৈ সংগ্ৰহ কৰে ২১০ ৰাণ । লক্ষ্ণৌৰ দুই অপেনাৰ কে এল ৰাহুল আৰু কুইন্টন ডি ককে আনিলে ৰাণৰ ছুনামি । এই যুটিয়ে ৰাণৰ সমানে সমানে গঢ়ি গল ৰেকৰ্ড । অপেনাৰ হিচাপে আহি আউট নোহোৱাকৈ কুইন্টনে ৭০ টা বলত সংগ্ৰহ কৰিলে ১৪০ ৰাণ । কুইন্টনৰ ইনিংছটোত আছিল ১০ টা বাউণ্ডেৰী আৰু ১০ টা অভাৰ বাউণ্ডেৰী । সেইদৰে লক্ষ্ণৌৰ অধিনায়ক কে এল ৰাহুলে ৫১ টা বলত ৬৮ ৰাণৰ অপৰাজিত ইনিংছ খেলে । অৰ্থাৎ এই যুটিৰ সহায়তেই লক্ষ্ণৌৱে কলকাতা নাইট ৰাইডাৰ্ছক দিলে ২১১ ৰাণৰ বিজয় লক্ষ্য । যুদ্ধং দেহী মনোভাৱেৰে কলকাতাই ৰণক্ষেত্রত অৱতীৰ্ণ হৈও মাত্ৰ ২ ৰাণত পৰাজিত হয় আয়াৰ বাহিনী । অধিনায়ক হিচাপে শ্ৰেয়াছ আয়াৰে ২৯ টা বলত কৰিলে অৰ্ধশতক । সেইদকে নিতিশ ৰাণাৰ ৪২ , ৰিংকু সিঙৰ ৪০ ৰাণেও পৰাজয়ৰ পৰা বচাব নোৱাৰিলে কলকাতা দলক ।
লক্ষ্যণীয় ভাৱে, এই ৰোমাঞ্চকৰ মেচত লক্ষ্ণৌৰ দুই অপেনাৰ কে এল ৰাহুল আৰু কুইন্টন ডি ককে আই পি এলত গঢ়িলে অভিলেখ ।
আই পি এল ইতিহাসত ২১০ ৰাণৰ সৰ্বোচ্চ অপেনিং যুটিত পৰিণত ৰাহুল আৰু কুইন্টন ।লগতে, আই পি এল ইতিহাসত ২০ অভাৰলৈ এটাও উইকেট নখহাৰ অভিলেখ সৃষ্টি হৈছে এই মেচতেই । কুইন্টন ডি ককে আই পি এল ইতিহাসত তৃতীয় সৰ্বোচ্চ ৰাণ কৰা বেটছমেন হিচাপে সৃষ্টি কৰিছে আনটো অভিলেখ । এই অভিলেখৰ প্ৰথম স্থানত আছে ক্ৰিছ গেইল আৰু দ্বিতীয় স্থানত আছে ব্ৰেণ্ডন মেককুলাম ।
ইয়াৰ সামান্তৰালকৈ, আই পি এল ২০২২ ছিজনত এই পৰ্যন্ত সৰ্বোচ্চ ৰাণ কৰা বেটছমেন হল কুইন্টন ডি কক ।
আনহাতে, লক্ষ্ণৌয়ে এই জয়ৰ জৰিয়তে মুঠ ১৮ পইন্ট সংগ্ৰহেৰে তালিকাৰ দ্বিতীয় স্থানত উপনীত হোৱাৰ লগতে প্লে অফত প্ৰৱেশ কৰিলে । বৃহস্পতিবাৰে প্লে অফৰ বাবে অন্তিম খন লীগ মেচত যুঁজিব আৰ চি বি বনাম গুজৰাট টাইটানছ ।ইয়াৰে গুজৰাট টাইটানছে ইতিমধ্যে প্লে অফত প্ৰবেশ কৰিছে । ১৪ পইন্টেৰে তালিকাৰ পঞ্চম স্থানত থকা দল আৰ চি বিৰ বাবে এই মেচ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । আৰ চি বি য়ে চতুৰ্দশ মেচখনত জিকিলে অৰ্জন কৰিব পাৰিব সৰ্বাধিক ১৬ পইন্ট । প্লে অফৰ আশাত বন্দী হৈছে ফাফ ডু প্লেছিছ নেতৃত্বৰ আৰ চি বি ।