Tuesday, October 4, 2022
HomeNewsআই পি এলত ক’ৰণাৰ সন্ত্ৰাস : দিল্লী দলৰ ৫ জন পজিটিভ

আই পি এলত ক’ৰণাৰ সন্ত্ৰাস : দিল্লী দলৰ ৫ জন পজিটিভ

অলিম্পিয়া প্ৰতিবেদন

বিশ্বত এতিয়াও কমা নাই ক’ৰণাৰ সন্ত্ৰাস ৷ এই সন্ত্ৰাস কিছুদিনৰ বাবে সীমিত আছিল যদিও পুনৰ যেন গা লৈ উঠিছে মাৰাত্মক ভাইৰাছ কভিডে ৷ ক’ৰণাৰ মাজতে বিগত দুটা বৰ্ষত ৰুদ্ধদ্বাৰত দৰ্শকৰ অবিহনে অনুষ্ঠিত হৈছিল আই পি এলৰ মেচ । শূন্য ষ্টেডিয়ামত দেখুৱাইছিল প্ৰতিটো দলে নিজৰ দক্ষতা ৷ কিন্তু চলিত ছিজনত ক’ৰণাৰ সন্ত্ৰাস কিছু হ্ৰাস পোৱাত পূৰ্ণ দৰ্শকৰ সহাৰিৰে আই পি এল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত হাতত লৈছিল আয়োজক বি চি চি আই-এ ৷ কিন্তু সেই সিদ্ধান্ত‌ই যেন কাল হ’ল । ক্ৰমাৎ পৰিস্থিতি ভয়ানক দিশত গতি কৰা দেখা গৈছে ৷ চলিত ছিজনত আই পি এলৰ মজিয়াত এতিয়া বেটেৰে নহয় যেন ক’ৰণাই হে কোবাব অৰ্ধশতক ৷ এজন-দুজন নহয় সৰ্বমুঠ পাঁচজনকৈ দিল্লী কেপিটেলছৰ খেলুৱৈকে ধৰি চিকিৎসা কৰ্মী আক্ৰান্ত ক’ৰণাত ৷ উল্লেখনীয় যে ক’ৰণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বি চি চি আইয়ে খেলৰ আৰম্ভণিতে কিছুমান নিয়ম বান্ধি দিছিল আৰু সেই নিয়ম অনুসৰি প্ৰতিটো দলে সাৱধানতা অৱলম্বন কৰিছিল যদিও অৱশেষত সেই ভয়ানক পৰিস্থিতিৰ মুখামুখী হ’ল আই পি এলৰ কেইবাজনো খেলুৱৈ ৷ দিল্লী কেপিটেলছৰ চিকিৎসাকৰ্মী পেট্টিক ফাৰৰ্হাট প্ৰথমে আক্ৰান্ত হয় ক’ৰণাত ৷ তাৰ পাছতে মাছাজ থেৰাপিষ্ট চেতন কুমাৰৰ ৰিপৰ্ট পজিটিভ অহাৰ লগতে যোৱা ১৮ এপ্ৰিলত দলৰ অলৰাউণ্ডাৰ মিছেল মাৰ্ছ, ডাঃ অভিজিৎ ছালভি আৰু সামাজিক মাধ্যমৰ সদস্য আকাশ মানেৰ শৰীৰত ধৰা পৰে ক’ৰণা ৷ আনহাতে ক’ৰণা সন্ত্ৰাসৰ বাবে পঞ্জাৱ কিংছৰ বিৰুদ্ধে হ’ব লগা দিল্লী কেপিটেলছৰ মেচখনো পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট ষ্টেডিয়ামৰ বিপৰীতে মুম্বাইৰ ব্ৰেব’ৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বৰ্ডে ৷ এই মূহুৰ্তত এনে এক ভয়ানক প্ৰত্যাহ্বানৰ মুখামুখী হোৱা দিল্লীয়ে অনাগত মেচসমূহত কি প্ৰদৰ্শন দাঙি ধৰে সেয়া হ’ব লক্ষ্যণীয় ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty + eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments