Monday, October 3, 2022
HomeNewsআই পি এলত বিফল জাজেডা বাহিনী

আই পি এলত বিফল জাজেডা বাহিনী

আই পি এলত বিফল জাজেডা বাহিনী

অলিম্পিয়া প্ৰতিবেদন: আই পি এলত পুনৰ বিফল জাডেজা বাহিনী । আম্বাটি ৰায়ুডুৰ অৰ্ধশতকেও পৰাজয়ৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে চেন্নাই ছুপাৰ কিংছক । ফিনিচাৰ হিচাপে চিহ্নিত ধোনীয়েও মানিলে হাৰ। পঞ্জাৱ কিংছৰ হৈ শিখৰ ধাৱানে গঢ়িলে ৰাণৰ পাহাৰ ।

পুনৰ শিৰত পৰাস্তৰ নাম লিখিলে ৰবীন্দ্ৰ জাডেজাৰ নেতৃত্বৰ আই পি এলৰ দল চেন্নাই ছুপাৰ কিংছে । সোমবাৰে এখন হাই ভল্টেজ মেচত মৈদানত অৱতীৰ্ণ হ’ল পঞ্জাৱ কিংছ বনাম চেন্নাই ছুপাৰ কিংছ । প্ৰথমে বেটিং কৰি পাঞ্জাবে ৪ টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে ১৮৭ ৰাণ । পঞ্জাৱ কিংছৰ হৈ দুৰ্দান্ত বেটাৰ শিখৰ ধাৱানে বেটিঙত আনিলে চুনামি । চি এছ কে বলাৰৰ বলক কৰিলে তীব্ৰ প্ৰহাৰ । ৯ টা বাউণ্ডেৰী আৰু ২ টা অভাৰ বাউণ্ডেৰীসহ শিখৰে ৫৯ টা বলত ৮৮ ৰাণৰ এক সুন্দৰ ইনিংছ খেলে । ইফালে, পঞ্জাৱ কিংছলৈ ভানুকা ৰাজাপাকছাই ৪২ আৰু লিয়াম লিভিংষ্টনে ১৯ ৰাণৰ বৰঙণি আগবঢ়ায় । অধিনায়ক হিচাপে পঞ্জাৱ কিংছৰ মায়ংক আগৰৱালাই ১৮ ৰাণতে ক্ষান্ত থাকে ।

আৰু অধিক পঢ়ক

১৮৮ ৰাণৰ বৃহৎ স্কৰ লক্ষ্য হিচাপে লৈ খেলপথাৰত নামিল চেন্নাই ছুপাৰ কিংছ । জাডেজা বাহিনীৰ অম্বাটি ৰায়ুডুৱে ৩৯ টা বলত সংগ্ৰহ কৰিলে ৭৮ ৰাণ । ৰায়ুডুৱে ৭ টা বাউণ্ডেৰী আৰু ৬ টা অভাৰ বাউণ্ডেৰীসহ এই ৰাণ স্পৰ্শ কৰে। চি এছ কেৰ হৈ ৰিতুৰাজ গায়কোৱাড়ে ৩০ আৰু অধিনায়ক ৰবীন্দ্ৰ জাদেজাই ২১ ৰাণ কৰিয়েই আউট হয় । এইবাৰ ক্ৰীজত নামিল কেপ্তেইন কুল, ফিনিচাৰ এম এছ ধোনী । চেন্নাই ছুপাৰ কিংছৰ বাবে যেন শেষ ভৰষা আছিল মাহি । অনুৰাগীয়ে আশা কৰিছিল বিগত মেচখনৰ দৰেই পুনৰ জয়ৰ সোৱাদ দিব দলটোক । পিছে ৮ টা বলত ১২ ৰাণ কৰিয়েই কেটছ আউট হ’ল- ফিনিচাৰ ধোনী । তাৰপাছতেই দলটোৰ জিকাৰ আশাত যেন চেঁচাপানী পৰিল । ৬ টা উইকেট হেৰুৱাই ১৭৬ ৰাণতে থমকিল জাডেজা বাহিনী । ফলত ১১ ৰাণত জয়ী হল মায়ংক আগৰৱালাৰ নেতৃত্বৰ পঞ্জাৱ কিংছ ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

এই জয়ৰ পাছতেই ৮ পইন্টৰে তালিকাৰ ষষ্ঠ স্থানত অৱস্থান কৰিছে পঞ্জাৱ কিংছে । এই পৰ্যন্ত পঞ্জাৱে খেলা ৮ খন মেচৰ ভিতৰত জয়ী হৈছে ৪ খনত । আনহাতে, চেন্নাইয়ে চলিত ছিজনত ৮ খন মেচ থেলি জয়ৰ মুখ দেখিছে মাত্র ২ খনত । এই পৰ্যন্ত ৪ পইন্টৰে তালিকাৰ নৱম স্থানত আছে যোৱাবাৰৰ চেম্পিয়নৰ দল চেন্নাই ছুপাৰ কিংছ ।

অনুৰাগী সকলৰ মাজত প্ৰশ্ন– শক্তিশালী দল চেন্নাই ছুপাৰ কিংছৰ এনে পৰাজয় কিয় ? ধোনীৰ অধিনায়ত্বহীনতাত ভুগিছে নেকি দলটোৱে । তথাপি চেন্নাই ছুপাৰ কিংছ প্ৰেমীৰ কামনা — এই ছিজনতো পুনৰ চেম্পিয়নৰ মুকুট পিন্ধিব চেন্নাই ছুপাৰ কিংছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 + fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments