Tuesday, October 4, 2022
HomeNewsআই পি এলত যুজবেন্দ্ৰ চহলৰ বলিং চমক

আই পি এলত যুজবেন্দ্ৰ চহলৰ বলিং চমক

আই পি এলত যুজবেন্দ্ৰ চহলৰ হেটট্ৰিক

অলিম্পিয়া প্ৰতিবেদন: আই পি এলত যুজবেন্দ্ৰ চহলৰ প্ৰথমটো হেটট্ৰিক । সোমবাৰে ৰাজস্থান ৰয়েলছ অৱতীৰ্ণ হ’ল কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে । তীব্ৰ উত্তেজনা পূৰ্ণ মেচখনত ৫ টা উইকেট দখলেৰে চহলে চমকিত কৰিলে ক্ৰিকেট বিশ্বক । চহলৰ সহায়ত চতুৰ্থ বাৰৰ বাবে জয়ৰ কৃতিত্ব অৰ্জন কৰিলে সঞ্জু চেমচনৰ দল ৰাজস্থান ৰয়েলছে । প্ৰথমে বেটিং কৰি ৰাজস্থানে ৫ টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ২১৭ ৰাণ । কিন্তু হাই স্কৰিং মেচখনত কলকাতাই ১৯ অভাৰ ২ টা বলত সকলো উইকেট হেৰুৱাই ২১০ ৰাণহে কৰিবলৈ সক্ষম হয় । ফলত পুনৰ বিজয়ৰ মালা পিন্ধিলে ৰাজস্থানে । মেচখনত ৰাজস্থান ৰয়েলছৰ দুৰ্ধৰ্ষ বলাৰ চহলে বলিঙত দেখুৱালে যাদু ।

আৰু অধিক পঢ়ক

১৭ নম্বৰ অভাৰত চহলে প্ৰথমটো বলতে কলকাতাৰ ভেংকটেশ আয়াৰক আউট কৰে । ইয়াৰ পাছত থমকি নাথাকিল চহল । ৪ নম্বৰ বলটোত কলকাতাৰ অধিনায়ক শ্ৰেয়াছ আয়াৰ এল বি ডব্লিউৰে চহলৰ চিকাৰ হয় । ৫ নম্বৰ বলত চহলে শিৱম মাভিৰ উইকেটৰ পতন ঘটায় । শিৱম মাভিৰ কেছ ধৰে অসম সন্তান ৰিয়ান পৰাগে । ৬ নম্বৰ বলটোত চহলে দুৰ্দান্ত বলিঙেৰে আউট কৰিলে পেট কামিনছক । ইয়াৰ উপৰি, নিতিশ ৰাণাৰো উইকেট দখলেৰে মুঠ ৫ টা উইকেটৰ পতন ঘটাই হেটট্ৰিক কৰিলে চহলে । আনহাতে, জে বাটলাৰে ৬১ টা বলত ১০৩ ৰাণ সংগ্ৰহেৰে ৰাজস্থানক ৰাণৰ পাহাৰ গঢ়াত সহায় কৰে । অধিনায়ক হিচাপে কলকাতাৰ হৈ শ্ৰেয়াছ আয়াৰৰ ৮৫ আৰু এৰণ ফিন্সৰ ৫৮ ৰাণ অথলে যায়।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

শ্ৰেয়াছ আয়াৰ বাহিনীক তচনচ কৰি ৭ ৰাণত জয়ী হল সঞ্জু বাহিনী । সোমবাৰৰ মেচখনত চহলৰ দৰ্শনীয় হেটট্ৰিকৰ সহায়তে এই জয় সাব্যস্ত কৰিলে ৰাজস্থান ৰয়েলছে ।

উল্লেখযোগ্য যে, চলিত আই পি এলত এই পৰ্যন্ত ৬ খন মেচত অৱৰ্তীণ হৈ ৪ খন মেচত জয়লাভ কৰিছে সঞ্জু বাহিনীয়ে । এই জয়ৰ পাছত ৮ পইন্ট সংগ্ৰহেৰে তালিকাৰ দ্বিতীয় স্থানত আছে ৰাজস্থান ৰয়েলছ । আনহাতে ১০ পইণ্টেৰে তালিকাৰ শীৰ্ষত আৰোহণ কৰিছে আই পি এলৰ নতুন দল গুজৰাট টাইটানছ ।
মংগলবাৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছ অৱতীৰ্ণ হ’ব আৰ চি বিৰ বিৰুদ্ধে ।

চলিত বৰ্ষত তাৰকা- মহাতাৰকাৰ বেটিং ধুমুহা আৰু বলিং ত্রাসে মোহিছে ক্ৰীড়া অনুৰাগীক । চহলৰ দৰে দুৰ্ধৰ্ষ বলাৰৰ প্ৰতাপত থৰকাচুতি হেৰুৱাইছে ক্ৰিকেটৰ মহাতাৰকাই । নতুন দুটা দলৰ উত্থানত আকৰ্ষণীয় হৈ উঠিছে আই পি এলৰ মহাৰণ । ২০২২ বৰ্ষত চেম্পিয়নৰ মুকুট কোনটো দলে পিন্ধিব তাকে লৈ গুণা-গথা চলিছে ক্ৰিকেট বিশ্বত ।

YouTube player
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seven + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments