Tuesday, July 5, 2022
HomeNewsআই পি এললৈ মাজত ২ দিন : শেষ হোৱা নাই জটিলতা

আই পি এললৈ মাজত ২ দিন : শেষ হোৱা নাই জটিলতা

আই পি এললৈ মাজত মাত্ৰ দুটা দিন। ৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব আই পি এলৰ চতুৰ্দশ সংস্কৰণৰ মেচসমূহ। সাজু হৈ উঠিছে আই পি এলৰ আটাইকেইটা ফ্ৰেঞ্চাইজিৰ লগতে বি চি চি আইকে ধৰি হ’ষ্ট ষ্টেডিয়ামকেইখন‌। পিছে আই পি এলৰ চতুৰ্দশ সংস্কৰণৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই আয়োজকসকলৰ বাবে বৃদ্ধি পাইছে জটিলতা। প্ৰতিযোগিতাখন অনুষ্ঠিত নহ‌ওতেই খেলুৱৈ, ষ্টাফকে ধৰি বিভিন্ন শ্ৰেণীৰ লোকৰ দেহত সোমাই পৰিছে কৰ’না ভাইৰাছ।

আই পি এলৰ সবাতোকৈ সফল ফ্ৰেঞ্চাইজি মুম্বাই ইণ্ডিয়ানছৰ উইকেট কীপিং কনচালটেণ্ট কিৰণ মৌৰে, ৱাংখেড়ে ষ্টেডিয়ামৰ দুজন গ্ৰাউণ্ড ষ্টাফ আৰু এগৰাকী প্লামবাৰ কৰ’নাত আক্ৰান্ত হৈছে।

ইয়াৰ পূৰ্বেও ষ্টেডিয়ামখনৰ ১০ জন সদস্য আৰু ৬ জন ইভেণ্ট মেনেজাৰৰ দেহত কৰ’নাৰ উপস্থিতি ধৰা পৰিছিল। বৰ্তমানলৈকে আই পি এলৰ তিনি গৰাকী খেলুৱৈ কৰ’নাত আক্ৰান্ত হোৱাৰ খৱৰ প্ৰকাশ পাইছিল। কলকাতা নাইটৰাইদাৰ্ছৰ বেটছমেন নীতিশ ৰানা, দিল্লী কেপিটেলছৰ অলৰাউণ্ডাৰ অক্ষৰ পেটেল আৰু আৰ চি বিৰ অপেনাৰ দেৱদূত পাড়িক্কল কৰ’নাত সংক্ৰমিত হোৱাৰ খৱৰ প্ৰকাশ পাইছিল।

তিনিওগৰাকী ক্ৰিকেটাৰৰ ভিতৰত পাড়িক্কল আৰু নীতিশ ৰানাৰ ৰিপ’ৰ্ট পৰৱৰ্তী সময়ত নিগেটিভ আহিছে। অক্ষৰ পেটেলৰ ৰিপ’ৰ্ট খবৰ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

সকলোধৰণৰ সুৰক্ষা ব্যৱস্থা হাতত লোৱাৰ পিছতো আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই খেলুৱৈ, ষ্টাফকে ধৰি মুঠ ২৭গৰাকী ব্যক্তি বৰ্তমানলৈকে কৰ’নাত আক্ৰান্ত হৈছে।

ইফালে ক্ৰমবৰ্ধিত কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰত ৯ এপ্ৰিলৰ পৰা নিশা ৮ বজাৰ পৰা পুৱা ৭ বজালৈকে উইকেণ্ড লকডাউন ঘোষণা কৰা হৈছে।

উল্লেখযোগ্য যে লীগ পৰ্যায়ৰ ৫৬ খন মেচৰ ভিতৰত চেন্নাই, মুম্বাই, কলকাতা বেংগালুৰুত১০ খনকৈ মেচ অনুষ্ঠিত হ’ব। আনহাতে দিল্লী আৰু আহমেদাবাদত ৮ খনকৈ মেচ অনুষ্ঠিত হ’ব। মহাৰাষ্ট্ৰত অনুষ্ঠিত হ’বলগীয়া ১০ খন মেচেই ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা। পিছে ধাৰাবাহিকভাৱে মহাৰাষ্ট্ৰত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে মহাৰাষ্ট্ৰৰ পৰা মেচসমূহ স্থানান্তৰ কৰা হ’ব বুলিও এক খবৰ চৰ্চালৈ আহিছে।

অৱশ্যে এই ক্ষেত্ৰত বৰ্তমানলৈকে ব’ৰ্ডৰ ফালৰ পৰা কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। মহাৰাষ্ট্ৰ প্ৰশাসনেও আই পি এলৰ বাবে সকলো নিয়ম সিঠিল কৰি দিছে। খবৰ অনুসৰি ইণ্ডোৰ আৰু আহমেদাবাদক বিকল্প হিচাপে ৰখা হৈছে।

বি চি চি আইৰ উপাধক্ষ্য ৰাজীৱ শুকলাই‌ জনাইছে যে কৰ’না জনিত পৰিস্থিতিৰ বাবেই ৬ খন ষ্টেডিয়াম জৈৱ সুৰক্ষাৰ মাজত সাজু কৰি ৰখা হৈছে। গতিকে প্ৰতিযোগিতাখন সফলতাৰে অনুষ্ঠিত কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে। লগতে উপাধক্ষ্য গৰাকীয়ে আই পি এলত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকলক শীঘ্ৰে ভেকচিন দিয়াৰো পোষকতা কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments