Tuesday, July 5, 2022
HomeNewsআই পি এলে সলনি কৰিলে ভাৰতীয় ক্ৰিকেটৰ প্ৰতিচ্ছবি

আই পি এলে সলনি কৰিলে ভাৰতীয় ক্ৰিকেটৰ প্ৰতিচ্ছবি

আই পি এলে সলনি কৰিলে ভাৰতীয় ক্ৰিকেটৰ প্ৰতিচ্ছবি। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ঐশ্বয্যশালী প্ৰতিযোগিতা ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ চমুকৈ আই পি এলে ১৩ বছৰ অতিক্ৰম কৰিলে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এই প্ৰতিযোগিতাৰ বাবেই এতিয়া বিশ্বৰ সকলো ক্ৰিকেট ব’ৰ্ডে আই পি এলৰ সূচীক লক্ষ্য কৰিহে নিজৰ কেলেণ্ডাৰ তৈয়াৰ কৰে। বহু দেশৰ ক্ৰিকেটাৰে স্পষ্টকৈ নিজৰ দেশৰ খেলতকৈ আই পি এলক বেছি প্ৰাধান্য দিয়ে বুলি উল্লেখ কৰিছে।

সেয়া যিয়েই নহওক আই পি এলে ভাৰতীয় ক্ৰিকেটৰ পৰিবেশ সলনি কৰাত মুখ্য ভূমিকা পালন কৰিছে। ভাৰতীয় ক্ৰিকেট, ভাৰতীয় ক্ৰিকেটাৰ, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডলৈ আই পি এলে কঢ়িয়াই আনিলে পৰিবৰ্তন।

ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত ভাৰতৰ ৰেকৰ্ড সলনি কৰিলে আই পি এলে

আই পি এলৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলে তিনিওটা ফৰ্মেট মিলাই ৩৮ শতাংশহে মেচ জয় কৰিবলৈ সক্ষম হৈছিল। ২০০৮ চনৰ পিছত এই সংখ্যা ৬০ শতাংশলৈ বৃদ্ধি পালে।

টেষ্ট ক্ৰিকেটত জয় সংখ্যা বৃদ্ধি পালে ২৯ শতাংশ

আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলে ৭৬ বছৰত ৪১৮ খন টেষ্টত অংশগ্ৰহণ কৰিছিল। ইয়াৰ ভিতৰত ভাৰতে ৯৪ খনত জয় লাভ কৰিছিল। অৰ্থাৎ ভাৰতে ২২ শতাংশ মেচ জয় কৰিছিল। আই পি এল আৰম্ভ হোৱাৰ পিছত ভাৰতে ১৩ বছৰত খেলিলে ১৩২ খন টেষ্ট। ইয়াৰে ভাৰতে জয় কৰিলে ৬৮ খন মেচ। ইয়াৰ লগে লগে ভাৰতৰ জয়ৰ সংখ্যা ৫১ শতাংশলৈ বৃদ্ধি পালে।

এদিনীয়াত জয়ৰ সংখ্যা ৪৭ শতাংশৰ পৰা বৃদ্ধি হ’ল ৬২ শতাংশলৈ

আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় দলে ৩৪ বছৰত খেলিলে মুঠ ৬৮২ খন এদিনীয়া। ইয়াৰ ভিতৰত ভাৰতে ৩২৩ খন এদিনীয়াত জয় লাভ কৰিলে অৰ্থাত ৪৭ শতাংশ। আই পি এল আৰম্ভ হোৱাৰ পিছত ১৩ বছৰত ভাৰতে মুঠ ৩১১ খন এদিনীয়া খেলিলে। ইয়াৰে ১৯৩ খনতে ভাৰতে জয় লাভ কৰিলে অৰ্থাৎ ৬২ শতাংশ মেচ জয়লাভ কৰিলে ভাৰতে।

টি-২০ ত ভাৰতৰ সফলতাৰ সংখ্যা ৬০ শতাংশৰ পৰা বৃদ্ধি পালে ৬২ শতাংশলৈ

আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতে ১০ খন টি-২০ত খেলিছিল। এই ১০ খন টি-২০ৰ ভিতৰত ভাৰতে ৬ খনত জয় লাভ কৰিছিল। আই পিএল আৰম্ভ হোৱাৰ পিছত ভাৰতে ১৩২ খন টি-২০ খেলিলে। ইয়াৰ ৮২ খনতেই ভাৰতে জয় লাভ কৰিলে। অৰ্থাৎ ভাৰতে ৬২ শতাংশ মেচ জয় লাভ কৰিলে।

বি চি চি আইৰ আয় বৃদ্ধি পালে ৬৭ শতাংশলৈ

আই পি এলৰ আৰম্ভণিৰ পূৰ্বেই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড বিশ্বৰ ধনাধ্য ক্ৰিকেট ব’ৰ্ড ৰূপে পৰিগণিত হৈছিল যদিও আই পি এলৰ পিছত বি চি চি আই অন্যান্য ব’ৰ্ডতকৈ বহুদূৰ আগবাঢ়ি গ’ল। বৰ্তমান আই পি এলৰ পৰাই বি চি চি আইয়ে ৬৭ শতাংশ আয় কৰে। ২০১৯-২০ বৰ্ষত বি চি চি আইয়ে ৩,৭৩০ কোটি টকা আই পি এলৰ পৰা সংগ্ৰহ কৰিছে। আই পি এলৰ আৰম্ভণিৰ পূৰ্বে ব’ৰ্ডৰ বাৰ্ষিক আয় আছিল ১ হাজাৰ কোটি টকা। অৰ্থাৎ বি চি চি আইৰ আয় বৃদ্ধি পালে ২৭৩ শতাংশ।

খেলুৱৈৰ আয় বৃদ্ধি পালে ১ হাজাৰ শতাংশ

ব’ৰ্ডৰ দৰে আই পি এলৰ পৰা খেলুৱৈৰো যথেষ্ট আয় হৈছে। নেচনেল কণ্ট্ৰেক্ট লাভ কৰা খেলুৱৈৰ ফিজ ১২ গুণ বৃদ্ধি কৰা হ’ল। ২০০৭ চনত শীৰ্ষ পৰ্যায়ৰ ভাৰতীয় খেলুৱৈয়ে বছৰে লাভ কৰিছিল ৬০ লাখ টকা। বৰ্তমান সেই টকাৰ পৰিমাণ ৭ কোটিলৈ বৃদ্ধি কৰা হ’ল। ঘৰুৱা ক্ৰিকেটত ২০০৬ চনৰ সময়ছোৱাত মেচ ফিজ ১৬ হাজাৰ টকা আছিল। বৰ্তমান সকলো প্ৰকাৰৰ ভাট্টা মিলাই ৰঞ্জি ক্ৰিকেটাৰে লাভ কৰে প্ৰায় ২ লাখ টকা। ইয়াৰ উপৰিও ২০১২ চনৰ পৰা বি চি চি আইয়ে ১০০ তকৈ অধিক প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলা ক্ৰিকেটাৰক ৩০ লাখকৈ টকা দিছে। ৭৫ খনৰ পৰা ৯৯ খন প্ৰথম শ্ৰেণীৰ মেচ খেলা খেলুৱৈক ২৫ লাখ আৰু ৭৫ খনতৈক কম মেচ খেলা খেলুৱৈক ২০ লাখ টকা প্ৰদান কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments