Thursday, July 7, 2022
HomeNewsআই পি এলৰৰ বাবে আই চি চিয়ে দিব আঢ়ৈ মাহ সময় :...

আই পি এলৰৰ বাবে আই চি চিয়ে দিব আঢ়ৈ মাহ সময় : বিদেশী ক্লাবৰ সৈতেও ফ্ৰেঞ্চাইজিসমূহে খেলিব বন্ধুত্বপূৰ্ণ মেচ

অলিম্পিয়াৰ প্ৰতিবেদন

আই পি এলৰ বাবে আই চি চিয়ে বি চি চি আইক দিব আঢ়ৈ মাহ সময় ! ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ সচিব জয় শ্বাহে এই বিষয়ে পি টি আইক অৱগত কৰিছে । কেৱল সেয়াই নহয়, আই পি এলৰ ফ্ৰেঞ্চাইজিসমূহ বিদেশলৈও যোৱাৰ লগতে বিদেশী ক্লাবৰ সৈতে বন্ধুত্বপূৰ্ণ মেচ খেলাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে । এই বিষয়ত বি চি চি আই আৰু আই পি এলৰ ফ্ৰেঞ্চাইজিসমূহে চিন্তা চৰ্চা কৰি থকাৰ লগতে সঠিক পৰিকল্পনাৰে আগবাঢ়িছে ।
আই পি এলৰ ১৫ সংখ্যক সংস্কৰণত ফ্ৰেঞ্চাইজিৰ সংখ্যা ৮ ৰ পৰা ১০ টালৈ বৃদ্ধি কৰা হৈছে । গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমবাৰৰ বাবে আই পি এল ২০২২ত আত্মপ্ৰকাশ কৰাৰ লগতে গুজৰাট টাইটানছে খিতাপ দখল কৰিবলৈ সক্ষম হৈছে । লীগখনত ক্লাবৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত মেচৰ সংখ্যাও বৃদ্ধি পাইছে । এনে অৱস্থাত আই পি এলৰ মেচ অনুষ্ঠিত কৰিবলৈ স্বাভাৱিকতে পূৰ্বৰ তুলনাত অধিক সময় আৰু দিনৰ প্ৰয়োজন হৈছে ।

এইবাৰ আই পি এলৰ খেলসমূহ ২ মাহধৰি খেলা হৈছিল । একে সময়তে এইবাৰ আই পি এলৰ সময়ছোৱাতে বিভিন্ন দেশৰ মাজত অনুষ্ঠিত দ্বিপাক্ষিক শৃংখলাবোৰে আই পি এলৰ ফ্ৰেঞ্চাইজি বোৰৰ মাজত সমস্যাৰ সৃষ্টি কৰিছিল ।
যাৰ বাবে বহু বিদেশী খেলুৱৈয়ে আই পি এল আৰম্ভ হোৱাৰ পিছতহে নিজ নিজ ফ্ৰেঞ্চাইজিত যোগদান কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল । একে সময়তে, বহু খেলুৱৈয়ে নিজ দেশৰ ৰাষ্ট্ৰীয় দলৰ হৈ খেলাৰ বাবে আই পি এলৰ পৰা নিজকে আঁতৰাই ৰাখিবলগীয়াও হৈছিল ।

ইয়াৰ পৰিপ্ৰেক্ষিতত বি চি চি আইয়ে আই চি চিৰ পৰা আঢ়ৈ মাহৰ সময় বিচাৰিছিল — যাতে আই পি এলৰ ফ্ৰেঞ্চাইজিবোৰত বিদেশী খেলুৱৈসকলে অংশগ্ৰহণ কৰিব পাৰে । এই বিষয়ত জয় শ্বাহে কয় যে- বি চি চি আইয়ে আই পি এলৰ বাবে আঢ়ৈ মাহৰ সময় বিচাৰি আই চি চি আৰু বিভিন্ন দেশৰ পৰিষদ সমূহৰ সৈতে আলোচনা কৰিছে ।
তেওঁ উল্লেখ কৰা অনুসৰি এখন বন্ধুত্বপূৰ্ণ খেলৰ বাবেও বিদেশী ব’ৰ্ডৰ সৈতে আলোচনা কৰা হৈছে । এক প্ৰশ্নৰ উত্তৰত জয় শ্বাহে কয় যে আই পি এল দলসমূহে দেশৰ বাহিৰলৈ গৈ বিদেশী দলৰ সৈতে বন্ধুত্বপূৰ্ণ মেচ খেলিব লাগে । ইয়াৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰা হৈছে । এই বিষয়ত বিদেশী দলৰ সৈতেও আলোচনা কৰা হৈছে । কিন্তু ই এক দীঘলীয়া প্ৰক্ৰিয়া । ইয়াৰ বাবে এনে এক সময় নিৰ্ধাৰণ কৰিব লাগিব যি সময়ত কোনো আন্তঃৰাষ্ট্ৰীয় শৃংখলা নাথাকিব ।

বিশ্বৰ সৰ্ববৃহৎ লীগলৈ ৰূপান্তৰ আই পি এল :

জয় শ্বাহে কৈছে যে আই পি এলে বিশ্বৰ সৰ্ববৃহৎ লীগসমূহৰ মাজত অৱস্থান কৰিছে । সমগ্ৰ বিশ্বতে আই পি এলৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে । কোৰোনাৰ সময়ছোৱাত আই পি এল- এ পুনৰ ক্ৰিকেটৰ পৰিৱেশ প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।
২০১৭ চনত আই পি এলৰ ডিজিটেল ষ্ট্ৰীমিং চোৱা লোকৰ সংখ্যা আছিল ৫৬০ নিযুত । কিন্তু মাত্ৰ পাঁচ বছৰৰ য়পিছত ২০২২ চনত আই পি এলৰ ডিজিটেল ষ্ট্ৰীমিং চোৱা লোকৰ সংখ্যা ৬৬৫ নিযুতলৈ বৃদ্ধি হৈছে ।

মিডিয়া স্বত্ব বিক্ৰী ৪৮,৩৯০ কোটি টকাত :

আই পি এলৰ মিডিয়া স্বত্ব বিক্ৰী কৰি বি চি চি আইয়ে উপাৰ্জন কৰিলে মুঠ ৪৮ হাজাৰ ৩৯০ কোটি টকা । এই সন্দৰ্ভত বি চি চি আইৰ সচিব জয় শ্বাহে কয় যে এয়া আচৰিত হ’বলগীয়া কথা নহয় ।
তেওঁৰ মতে যিদৰে আই পি এলৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে, সেই বিষয়ে লক্ষ্য কৰি মিডিয়া স্বত্বৰ পৰা ইমান ধন লাভ কৰিব বুলি পূৰ্বেই আশা কৰা হৈছিল । বি চি চি আইয়ে আই পি এলৰ পৰৱৰ্তী পাঁচটা ছিজনৰ (২০২৩ ৰ পৰা ২০২৭লৈ) মিডিয়া স্বত্ব নিলামৰ পৰা ৪৮,৩৯০.৫২ কোটি টকা লাভ কৰিছে । ডিচনী ষ্টাৰে ভাৰত উপ-মহাদেশৰ টিভিৰ অধিকাৰ ২৩,৫৭৫ কোটি টকাত ক্ৰয় কৰিছে । ভায়াকম-১৮ য়ে ভাৰত উপ-মহাদেশৰ ডিজিটেল অধিকাৰ ২০,৫০০ কোটি টকাত আৰু নিৰ্বাচিত ৯৮ খন মেচৰ বাবে ৩ হেজাৰ ২৫৮ কোটি টকাত একচেটিয়া ডিজিটেল অধিকাৰ ক্ৰয় কৰিছে ।
আনহাতে ভাৰতীয় উপমহাদেশৰ বাহিৰত মিডিয়া স্বত্ব ভায়াকম-১৮ আৰু টাইমছ ইণ্টাৰনেটৰ দ্বাৰা ক্ৰয় কৰা হৈছে । ইয়াৰ বাবে ১০৫৭ কোটি টকাৰ নিবিদা কৰা হৈছিল । এনেদৰেই বি চি চি আইয়ে একেলগে চাৰিটা পেকেজৰ পৰা লাভ কৰিছে ৪৮,৩৯০.৫২ কোটি টকা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments