Thursday, July 7, 2022
HomeNewsআই পি এলৰ এই কেইটা ৰেকৰ্ডৰ বিষয়ে আপুনি জানেনে?

আই পি এলৰ এই কেইটা ৰেকৰ্ডৰ বিষয়ে আপুনি জানেনে?

সমাগত আই পি এল। মাজত মাত্ৰ ৯ টা দিন। ইতিমধ্যে সকলো ফ্ৰেঞ্চাইজিৰ লগতে আয়োজক বি চি চি আইয়ে সকলো প্ৰস্তুতি আৰম্ভ কৰিছে। আহকচোন আজি আমি আই পি এলৰ কেইটামান বিশেষ কথা জানিবলৈ চেষ্টা কৰোঁ।

আপুনি হয়তো নিশ্চয় জানে যে ভাৰতৰ ক্ৰিকেট প্ৰতিভাক চিনাক্ত কৰিবৰ বাবে আৰু নতুন ক্ৰিকেটাৰ সৃষ্টিৰ বাবেই বি চি চি আয়ে আৰম্ভ কৰিছিল আই পি এল। কিন্তু এই আই পি এলত আৰম্ভণিৰ পৰাই বিদেশী ক্ৰিকেটাৰে আধিপত্য বিস্তাৰ কৰিছে। আই পি এলৰ যোৱা ১৩ টা সংস্কৰণ MVP প্লেয়াৰ অৰ্থাৎ Most Valuable Player সন্মান মাত্ৰ দুজন ক্ৰিকেটাৰেহে লাভ কৰিছে। এজন প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ আৰু আনজন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ অধিনায়ক বিৰাট কোহলি।

আৰ চি বিয়ে যোৱা ১৩ টা সংস্কৰণত এটাও খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই। প্ৰায় এটা দশক অধিনায়ক হিচাপে দলটোক নেতৃত্ব দিয়া বিৰাট কোহলিক ইয়াৰ বাবে সামাজিক মাধ্যমত যথেষ্ট ট্ৰ’লো কৰা হয়। কিন্তু আপুনি জানেনে আৰ চি বিয়েই আই পি এলৰ একমাত্ৰ দল যিয়ে ২৫০ ৰো অধিক ৰান এটা ইনিংছত সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। আনহাতে আৰ চি বিয়েই আকৌ একমাত্ৰ দল যিয়ে ৫০ তকৈ কম ৰান কৰিছে।

আই পি এলৰ এক চিনাকী মুখ পিয়ুষ চাউলা। এইবাৰ চাউলাক চেন্নাই চুপাৰ কিংছৰ লগত দেখিবলৈ পোৱা যাব। আপুনি জানি আচৰিত হ’ব চাউলাই আই পি এলত ৩৮৬ অভাৰ বল কৰিছে যদিও এটাও ন’ বল কৰা নাই।

আই পি এলৰ ১৩ টা সংস্কৰণত শতাধিক ক্ৰিকেটাৰে অংশগ্ৰহণ কৰিলে। দেশৰ লগতে বিদেশৰো বহু ক্ৰিকেটাৰে নিজৰ প্ৰদৰ্শনৰ জড়িয়তে অনুৰাগীৰ হৃদয়ত স্থান লাভ কৰিলে। নিজ দেশৰ লগতে ভাৰততো এনে বিদেশী খেলুধৈয়ে নিজৰ অনুৰাগী সৃষ্টি কৰিবলৈ সক্ষম হ’ল। তেনে দুজন ক্ৰিকেটাৰ হ’ল দক্ষিণ আফ্ৰিকাৰ এবি ডিভিলিয়াৰ্ছ আৰু ৱেষ্ট ইণ্ডিজৰ কিৰণ পুলাৰ্ড। আপুনি জানি সুখী হ’ব আই পি এলত মাত্ৰ দুজন বিদেশী ক্ৰিকেটাৰেই আছে যিয়ে এটা ফ্ৰেঞ্চাইজিৰ হৈ ১০০ টা ইনিংছ খেলিবলৈ সক্ষম হৈছে আৰু সেই দুয়োজনেই হৈছে এবি ডিভিলিয়াৰ্ছ আৰু কিৰেণ পোলাৰ্ড।

আই পি এলৰ টেলিকাষ্টৰ স্বত্ব ষ্টাৰ স্প’ৰ্টছে ক্ৰয় কৰিছিল। আপুনি জানি আচৰিত হ’ব ষ্টাৰ স্প’ৰ্টছে বি চি চি আইক আই পি এলৰ এটা বলৰ বাবে দিব লাগে ২১ লাখ টকা। আচৰিত হৈছে নহয়নে? এটা বলত ২১ লাখ। আপুনি আচৰিত হ’লেও এয়াই সত্য যে আই পি এলৰ টেলিকাষ্টৰ বাবে বি চি চি আইক এটা বলক ২১ লাখ টকা প্ৰদান কৰিছে। যোৱা দুটা ছিজনত ষ্টাৰ স্প’ৰ্টছে টেলিকাষ্টৰ বাবে বি চি চি আইক ১৬৩৪৭.৫ কোটি টকা প্ৰদান কৰিছে।

আই পি এলত এজনেই ক্ৰিকেটাৰ আছে যিয়ে এটা যুঁটিত ২০০ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰিছে। আৰ চি বিৰ অধিনায়ক বিৰাট কোহলীয়ে গেইলৰ লগত ১ টা আৰু এবি।ডিভিলিয়াৰ্ছৰ লগত দুটা ২০০ তকৈ অধিক ৰানৰ পাৰ্টনাৰছিপ খেলিছে।

আই পি এলত আতাইতকৈ বেছি ‘ডাক’ হৈছে হৰভজন সিং। তেওঁ আই পি এলৰ ১২ টা ছিজনত ১৩ বাৰ ডাক হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one + 18 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments