Tuesday, July 5, 2022
HomeNewsআই পি এলৰ ট্ৰফীৰে সন্তুষ্ট নহয় পাণ্ডিয়া ! লাগে এইকেইটা ট্ৰফীও

আই পি এলৰ ট্ৰফীৰে সন্তুষ্ট নহয় পাণ্ডিয়া ! লাগে এইকেইটা ট্ৰফীও

অলিম্পিয়া প্ৰতিবেদন

অধিনায়ক হিচাপে নিজৰ দক্ষতাৰ প্ৰমাণ দিলে হাৰ্ডিক পাণ্ডিয়াই । আই পি এলত আত্মপ্ৰকাশ কৰা গুজৰাট টাইটানছক প্ৰথমবাৰৰ বাবে নেতৃত্ব প্ৰদান কৰা পাণ্ডিয়াই দলটোক সন্মুখৰ পৰা নেতৃত্ব দি বিজয়ৰ খিতাপ স্পৰ্শ কৰাৰ সুযোগ দিলে । আত্মপ্ৰকাশ কৰিয়েই গুজৰাট হৈ পৰিল চেম্পিয়ন ।
প্ৰথমবাৰৰ বাবে এনে এক মেগা ইভেণ্টত দলক নেতৃত্ব প্ৰদান কৰি পাণ্ডিয়াই নিজৰ দক্ষতাৰ প্ৰমাণ দাঙি ধৰিলে । অধিনায়ক হিচাপে অনভিজ্ঞ পাণ্ডিয়াই অধিনায়কত্বৰ যি সুযোগ লাভ কৰিলে সেই সুযোগৰ সদব্যৱহাৰ কৰি এবাৰতে হৈ পৰিল ছুপাৰহিট ।

আই পি এলৰ চূড়ান্ত খেলত বেটে, বলে উজলি উঠা পাণ্ডিয়াৰ প্ৰদৰ্শন আছিল দলটোৰ বিজয়ৰ অন্যতম মুখ্য কাৰণ । ৰাজস্থানৰ শক্তিশালী বেটিং ক্ৰমৰ আটাইকেইজন তাৰকা পাণ্ডিয়াৰ চিকাৰ হৈছিল । পাণ্ডিয়াই বলত পেভেলিয়নমুখী হৈছিল বাটলাৰৰ দৰে বিধ্বংসী বেটছমেন । আনহাতে বেটিঙৰ সময়ত পাণ্ডিয়াই পৰিস্থিতি অনুসৰি অভিজ্ঞতাৰ সদব্যৱহাৰ কৰি দললৈ সুন্দৰ বৰঙণি আগবঢ়ালে — যিয়ে দলটোক বিজয়ৰ বাট মকুলি কৰি দিলে । ৭ উইকেটত গুজৰাটে বিজয় সাব্যস্ত কৰি ইতিহাস ৰচনা কৰে ।
আই পি এল শেষ হোৱাৰ পিচতে এতিয়া সকলোৱে নিজ নিজ ফ্ৰেঞ্চাইজিৰ পৰিচয় আঁতৰাই ভাৰতীয় দলৰ খেলুৱৈ হিচাপে পুনৰ সংগঠিত হৈছে । কিয়নো সন্মুখত আছে ঘৰুৱা মাটিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলা আৰু ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট । এই দুই শৃংখলাক কেন্দ্ৰ কৰি পাণ্ডিয়াই কৰিছে অতি গুৰুত্বপূৰ্ণ মন্তব্য ।
দীৰ্ঘদিন ধৰি পিঠিৰ আঘাতত ভূগি আছিল পাণ্ডিয়া । পিঠিৰ আঘাতৰ বাবেই পাণ্ডিয়াই পূৰ্বে বহু কেইখন মেচত ভাৰতীয় দলৰ হৈ খেলিছিল যদিও বলিং কৰাৰ পৰা বিৰত আছিল । বহু সময়ত তেওঁ দলৰ পৰা এই পিঠিৰ আঘাতৰ বাবেই বাহিৰত থাকিবলগীয়া হৈছিল । আনকি আই পি এলৰ পূৰ্বে পিঠিৰ আঘাতৰ পৰা সম্পূৰ্ণ ৰূপে আৰোগ্য লাভ নকৰিলে পাণ্ডিয়াক আই পি এল খেলাৰ বাবে অনুমতি দিয়া নহ’ব বুলি বি চি চি আইৰ পৰা প্ৰকাশ পাইছিল ।
কিন্তু আই পি এলৰ পূৰ্বে এই পিঠিৰ আঘাতৰ পৰা নিজকে মুক্ত কৰিবলৈ সক্ষম হ’ল পাণ্ডিয়া ।দীৰ্ঘদিনীয়া আঘাতৰ সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰা পাণ্ডিয়াই এইবাৰ টুৰ্ণামেণ্টত সৰ্বাংগীন দক্ষতাৰে অনুৰাগী, দলীয় সমৰ্থক তথা আই পি এল উপভোগকাৰীসকলক মন্ত্ৰমুগ্ধ কৰি ৰাখিলে । ফলত আই পি এল প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি পাণ্ডিয়াক পুনৰ ৰাষ্ট্ৰীয় দলত স্থান দিয়া হৈছে ।
দীৰ্ঘদিন ধৰি বলিং কৰাৰ পৰা বিৰত থকা পাণ্ডিয়াই আই পি এলৰ আটাইকেইখন মেচতে সুন্দৰ বলিং কৰিবলৈ সক্ষম হৈছে । চূড়ান্ত মেচখনত পাণ্ডিয়াই বলিঙেৰে ৰাজস্থান ৰয়েলছৰ বেটিং অৰ্ডাৰৰ মূল মেৰুদণ্ডই ভাঙি পেলাবলৈ সক্ষম হৈছিল ।
পাণ্ডিয়াই ৰাজস্থানৰ অধিনায়ক তথা বিস্ফোৰক বেটছমেন সঞ্জু চেমচন, জোছ বাটলাৰ আৰু চিমৰন হেটমেয়াৰৰ দৰে তিনিটা অতি গুৰুত্বপূৰ্ণ উইকেট দখল কৰিলে । হাৰ্ডিকৰ অধিনায়কত্বত ৰাজস্থানৰ ইনিংছ ২০ অভাৰত ৯ উইকেটত ১৩০ ৰাণতে সমাপ্ত হয় । হাৰ্ডিকে বেটেৰে ৩০ ৰাণ কৰে।
২৮ বছৰীয়া তাৰকাগৰাকীক ফাইনেলখনৰো শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে বিবেচিত কৰা হ’ল । এইদৰেই আই পি এলত জিলিকি উঠা হাৰ্ডিকৰ পৰৱৰ্তী লক্ষ্য বাৰু কি ? এই প্ৰশ্ন হাৰ্ডিক পাণ্ডিয়াক কৰা হৈছিল । ইয়াৰ উত্তৰত গুজৰাট টাইটানছৰ অধিনায়কজনে কয়, “যিয়েই নহওঁক, আমি ভাৰতৰ হৈ বিশ্বকাপ জিকিব লাগিব । মই দলক (টিম ইণ্ডিয়াক) মোৰ সকলো খিনি দিম । মই দলক প্ৰথম স্থান দি আহিছো । মোৰ লক্ষ্য সৰল, মই মোৰ দল (টিম ইণ্ডিয়া) জয় হোৱাটো নিশ্চিত কৰিব বিচাৰো ।”
ৰাষ্ট্ৰীয় দললৈ উভতি অহাৰ পাছত হাৰ্ডিকে কয়,- “দেশক প্ৰতিনিধিত্ব কৰাটো মোৰ বাবে সদায়েই আনন্দদায়ক । এদিনীয়া, টি-২০ যিয়েই নহওঁক, মই বিশ্বকাপ জিকিব বিচাৰো ।”

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments