আই পি এলৰ পাঁচজন কনিষ্ঠ অধিনায়ক

দিল্লী কেপিটেলছে তেওঁলোকৰ বিগত বৰ্ষৰ অধিনায়ক শ্ৰেয়াস আয়াৰক অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি দি ঋষভ পণ্টক অধিনায়কৰ দায়িত্ব প্ৰদান কৰিলে। ইয়াৰ পিছতেই পণ্টে আই পি এলৰ কনিষ্ঠ অধিনায়কৰ তালিকাৰ পঞ্চম স্থান অধিকাৰ কৰিলে। ক্ৰিকেটাৰগৰাকীয়ে ২৩ বছৰ ১৪৪ দিনত দিল্লী কেপিটেলছৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিলে।

আই পি এলৰ ইতিহাসত সৰ্বকনিষ্ঠ অধিনায়ক হিচাপে পৰিগণিত হৈছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ অধিনায়ক বিৰাট কোহলি। কোহলীয়ে ২২ বছৰ ১৮৭ দিনত দলটোৰ অধিনায়কৰ দায়িত্ব লাভ কৰিছিল।

আনহাতে অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথে ২২ বছৰ ৩৪৪ দিনত পোনেৰ অধিনায়কৰ দায়িত্ব লাভ কৰিছিল। ইয়াৰ লগে লগে তেওঁ কনিষ্ঠ অধিনায়কৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিছিল। ইয়াৰ উপৰিও সুৰেশ ৰাইনাই ২৩ বছৰ ১১২ দিনত, শ্ৰেয়াস আয়াৰে ২৩ বছৰ ১৪১ দিনত আই পি এলত অধিনায়কৰ দায়িত্ব লাভ কৰি কনিষ্ঠ অধিনায়কৰ তালিকাত তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰিছিল। চলিত ছিজনত পণ্টে ২৩ বছৰ ১৪৪ দিনত দিল্লীৰ অধিনায়কৰ দায়িত্ব লাভ কৰি কনিষ্ঠ অধিনায়কৰ তালিকাত পঞ্চম স্থান লাভ কৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *