আই পি এলৰ পূৰ্বে চাই ল‌ওক এই কেইটা বিশেষ ৰেকৰ্ড

আজি সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব আই পি এলৰ চতুৰ্দশ সংস্কৰণৰ মেচসমূহ। আজিৰ এই উদ্বোধনী মেচখনৰ পূৰ্বে চাই ল‌ও আহক কেইটামান বিশেষ ৰেকৰ্ড।

সৰ্বাধিক ৰান : আই পি এলৰ ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ তালিকাত প্ৰথম স্থানত আছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অধিনায়ক বিৰাট কোহলিৰ নামত। তেওঁ বৰ্তমানলৈকে মুঠ ৫৮৭৮ ৰান সংগ্ৰহ কৰিছে‌। তেওঁ চতুৰ্দশ সংস্কৰণতে ৬০০০ ৰান সম্পূৰ্ণ কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ হোৱাৰ সম্ভাৱনা আছে। তালিকাৰ দ্বিতীয় স্থানত আছে চেন্নাই চুপাৰ কিংছৰ সুৰেশ ৰাইনা। ৰাইনাই বৰ্তমানলৈকে সংগ্ৰহ কৰিছে মুঠ ৫৩৬৮ ৰান। তৃতীয় স্থানত আছে হাইদৰাবাদৰ অধিনায়ক ডেভিড ৱাৰ্নাৰ। তেওঁ বৰ্তমানলৈকে সংগ্ৰহ কৰিছে মুঠ ৫২২৪ ৰান। চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে ৰোহিত শৰ্মা আৰু শিখৰ ধাৱান। ৰোহিতে বৰ্তমানলৈকে ৫২৩০ ৰান কৰাৰ বিপৰীতে শিখৰ ধাৱানে কৰিছে ৫১৯৭ ৰান।

সৰ্বাধিক উইকেট : আই পি এলত সৰ্বাধিক উইকেট দখলৰ তালিকাত প্ৰথম স্থানত আছে লাচিত মালিংগা। মালিংগাই ১৭০ টা উইকেট দখল কৰিছে। দ্বিতীয় স্থানত আছে অমিত মিশ্ৰ। তেওঁ সংগ্ৰহ কৰিছে ১৬০ টা উইকেট। তৃতীয় স্থানত আছে পিয়ুষ চাউলা। তেওঁ সংগ্ৰহ কৰিছে ১৫৬ টা উইকেট। চতুৰ্থ আৰু পঞ্চম স্থানত আছে ব্ৰেভো আৰু হৰভজন সিং । দুয়োজনে ক্ৰমে ১৫৩ আৰু ১৫০ টা উইকেট দখল কৰিছে।

সৰ্বাধিক ব্যক্তিগত স্ক’ৰ : আই পি এলত সৰ্বাধিক ব্যক্তিগত স্ক’ৰৰ তালিকাত প্ৰথম স্থান লাভ কৰিছে ক্ৰিছ গেইলে। তেওঁ ৬৬ টা বলত সৰ্বাধিক ১৭৫ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ উপৰিও ৭৩ টা বলত ১৫৮ ৰানেৰে ব্ৰেণ্ডন মেককুলাম দ্বিতীয়, ৫৯ বলত ১৩৩ ৰানেৰে এবি ডিভিলিয়াৰ্ছ তৃতীয়, ৬৯ বলত ১৩২ ৰানেৰে কে এল ৰাহুল চতুৰ্থ আৰু ৫২বলত ১২৯ ৰানেৰে পঞ্চম স্থানত আছে এবি ডিভিলিয়াৰ্ছ।

সৰ্বাধিক শতক : আই পি এলত সৰ্বাধিক শতক আছে ক্ৰিছ গেইলৰ নামত। তেওঁ বৰ্তমানলৈকে ৬ টা শতক অৰ্জন কৰিছে। এই তালিকাৰ দ্বিতীয় স্থানত আছে বিৰাট কোহলি। আৰ চি বিৰ অধিনায়ক জনে ৫ টা শতক অৰ্জন কৰিছে। তৃতীয় স্থানত আছে ডেভিড ৱাৰ্নাৰ। ছানৰাইজাৰ্ছ হাইদৰাবাদৰ অধিনায়ক জনে সংগ্ৰহ কৰিছে ৪ টা শতক। একেটা স্থানতে আছে আকৌ শ্বেন ৱাটছনো। শ্বাটছনেও ৪ টা শতক অৰ্জন কৰিছে। ইয়াৰ পিছত আছে এবি ডিভিলিয়াৰ্ছ। তেওঁ বৰ্তমানলৈকে ৩ টা শতক অৰ্জন কৰিছে।

সৰ্বাধিক অৰ্ধশতক : সৰ্বাধিক অৰ্ধশতকৰ তালিকাৰ প্ৰথম স্থানত আছে ডেভিড ৱাৰ্নাৰৰ নাম। তেওঁ সংগ্ৰহ কৰিছে৪৮ টা অৰ্ধশতক। ইয়াৰ পিছত ক্ৰমে শিখৰ ধাৱান ৪১ টা, ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে ৩৯ টা আৰু ৰাইনাই ৩৮ টা অৰ্ধশতকেৰ শীৰ্ষ পাঁচটা স্থান অধিকাৰ কৰিছে।

সৰ্বাধিক ছয় : আই পি এলত সৰ্বাধিক ছয় কোবোৱাৰ তালিকাত প্ৰথম স্থান আছে ধাৱানৰ। ধাৱানে ৫৯১ টা ছয় কোবাইছে। ইয়াৰ পিছত ক্ৰমে ডেভিড ৱাৰ্নাৰে ৫১০ টা, বিৰাট কোহলিয়ে ৫০৩ টা, সুৰেশ ৰাইনাই ৪৯৩ টা আৰু গৌতম গম্ভীৰে ৪৯১ টা ছয় কোবাই শীৰ্ষ পাঁচটা স্থান অধিকাৰ কৰিছে।

সৰ্বাধিক ষ্ট্ৰাইক ৰেট : সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ তালিকাত শীৰ্ষ স্থানত আছে কলকাতা নাইটৰাইডাৰ্ছৰ আণ্ড্ৰে ৰাছেল। তেওঁৰ ষ্ট্ৰাইক ৰেট ১৮২.৩৩। ইয়াৰ পিছত আছে ক্ৰমে পঞ্জাৱ কিংছৰ নিক’লাছ পৰাণ- ১৬৫.৩৯, কলকাতা নাইটৰাইডাৰ্ছৰ সুনীল নাৰেন-১৬৪.২৭, মুম্বাই ইণ্ডিয়ানছৰ হাৰ্ডিক পাণ্ডিয়া – ১৫৯.২৬ আৰু চেন্নাই চুপাৰ কিংছৰ ম‌ইন আলী-১৫৮.৪৬।

Leave a Reply

Your email address will not be published. Required fields are marked *