আই পি এলৰ পূৰ্বে ক্ৰিকেট অনুৰাগীলৈ আহিছে এক বেয়া খৱৰ। কৰ’নাৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাৰ বাবে বি চি চি আইয়ে সমগ্ৰ দেশত চলি থকা বিভিন্ন বয়সৰ ক্ৰিকেট প্ৰতিযোগিতাসমূহ বাতিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। বি চি চি আইৰ সচিব জয় শ্বাহে সকলো ৰাজ্যৰ ক্ৰিকেট সন্থালৈ পত্ৰ প্ৰেৰণ কৰি ৰাজ্যসমূহত চলি থকা বিভিন্ন বয়সৰ ক্ৰিকটে প্ৰতিযোগিতা বাতিল কৰিবলৈ নিৰ্দেশ দিছে।
সংবাদ এজেঞ্চি এ এন আইৰ মতে শ্বাহে পত্ৰত লিখিছে, সমগ্ৰ দেশত কৰ’নাৰ অৱস্থা বেয়াৰ ফালে গতি কৰিছে। নতুনকৈ সংক্ৰমিত হোৱাৰ সংখ্যা তীব্ৰে বেগেৰে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। কৰ’নাই সৃষ্টি কৰা এনে পৰিৱেশৰ বাবে আমি সকলো ‘এজ গ্ৰোপ’ৰ টুৰ্ণামেণ্ট বাতিল কৰিব লাগিব।
আনহাতে দেশৰ মুঠ ছখন চহৰত ৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব আই পি এল। যি কেইখন চহৰত আই পি এলৰ মেচ অনুষ্ঠিত হোৱাৰ কথা আছিল সেই সকলো কেইখন চহৰতে কৰ’নাৰ সংক্ৰমণে পুনৰ গুৰুত্বৰ ৰূপ ধাৰণ কৰিছে। এনে পৰিস্থিতিত আই পি এলক লৈ কি নতুন সিদ্ধান্ত গ্ৰহণ কৰে সেয়াও লক্ষণীয় হৈ পৰিব।