Thursday, July 7, 2022
HomeNewsআই পি এলৰ প্লে অফৰ সূচী ঘোষণা

আই পি এলৰ প্লে অফৰ সূচী ঘোষণা

অলিম্পিয়া প্ৰতিবেদন

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে দেওবাৰে চলিত আই পি এলৰ প্লে অফৰ খেলসমূহৰ সূচী ঘোষণা কৰিছে। সেই অনুসৰি কোৱালিফায়াৰ ১ আৰু ফাইনেল ডুবাইত অনুষ্ঠিত হোৱাৰ বিপৰীতে আবুঢাবিত অনুষ্ঠিত হ’ব আন দুখন প্লে’ অফ মেচ। লীগ পর্যায়ৰ প্রথম দুটা স্থান লাভ কৰা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া কোৱালিফায়াৰ ৱান ৫ নৱেম্বৰত আৰু ফাইনেল ১০ নৱেম্বৰত অনুষ্ঠিত হ’ব৷

ইফালে, ৬ নৱেম্বৰত অনুষ্ঠিত হ’ব এলিমিনেটৰ মেচখন। লীগ পর্যায়ৰ তৃতীয় আৰু চতুর্থ স্থানপ্রাপ্ত দল দুটাৰ মাজত এই মেচ অনুষ্ঠিত হ’ব। একেদৰে এলিমিনেটৰৰ বিজয়ী আৰু কোৱালিফায়াৰ ১ৰ পৰাজিত দলৰ মাজত ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব কোৱালিফায়াৰ ২। দুয়োখন মেচ আবুঢাবিত অনুষ্ঠিত হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments