আই পি এলৰ পৰা বাহিৰ হ’ল পঞ্জাৱ কিংছৰ অধিনায়ক কে এল ৰাহুল

আই পি এলৰ চতুৰ্দশ সংস্কৰণৰ পৰা বাহিৰ হ’ল পঞ্জাৱ কিংছৰ অধিনায়ক কে এল ৰাহুল। যাৰ বাবে বিপদত পৰিছে দলটো। পঞ্জাৱ কিংছৰ মূল ভৰসা আছিল অধিনায়ক ৰাহুল। ক্ৰিকেটাৰ গৰাকীয়ে আই পি এলত শেহতীয়াকৈ খেলা মেচখনৰ পিছতেই অত্যাধিক পেটৰ বিষত ভুগাত জৰুৰীকালীন কক্ষত ভৰ্ত্তি কৰোঁৱা হৈছিল। পেটৰ বিষৰ পৰা সাময়িক ভাৱে উপশম পাবলৈ প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছিল যদিও তেওঁ বিষৰ পৰা নাপালে। ইয়াৰ পিছতে চিকিৎসকে পৰীক্ষা কৰি গম পাই পাই ক্ৰিকেটাৰ গৰাকী এপেণ্ডিক্সৰ ৰোগত আক্ৰান্ত হৈছে।

অধিনায়ক ৰাহুল বাহিৰ হোৱাৰ পিছতেই এতিয়া পঞ্জাৱ কিংছে ৰাহুলৰ স্থানত কোন খেলুৱৈক খেলাব তাকলৈ চিন্তিত হৈ পৰিছে। জানিব পৰা মতে দলটোৱে পাটিয়ালাৰ প্ৰভছিমৰণ সিঙক অপেনিং বেটছমেন হিচাপে খেলোৱাৰ চিন্তা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *