আই পি এলৰ বাবে বি চি চি আইৰ ঘাটি ২ হাজাৰ কোটি : খেলুৱৈক সুৰক্ষিত ভাৱে ঘৰলৈ পঠিওৱাৰ দায়িত্ব ব’ৰ্ডৰ

বাতিল হ’ল আই পি এলৰ চতুৰ্দশ সংস্কৰণ। আই পি এলৰ জৈৱ সুৰক্ষা ব্যৱস্থা ভেদ কৰি প্ৰথমে কলকাতা নাইটৰাইডাৰ্ছৰ বৰুণ চক্ৰৱৰ্তী আৰু সন্দীপ ৱাৰিয়ৰ দেহত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত ক্ৰমে চেন্নাই চুপাৰ কিংছ, দিল্লী কেপিটেলছ আৰু ছানৰাইজাৰ্ছ হাইদৰাবাদৰ খেলুৱৈৰ দেহটো মাৰাত্মক ভাইৰাছ বিধৰ উপস্থিতি ধৰা পৰে। যাৰ বাবে আই পি এলৰ গভৰ্নিং বডী আৰু বি চি চি আইয়ে প্ৰতিযোগিতাখন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আজি দিনৰ ১:১৫ বজাত বি চি চি আইৰ উপ সভাপতি ৰাজীৱ শুক্লাই এই কথা ৰাজহুৱা কৰিছে। তেওঁ কৈছে, বৰ্তমান প্ৰতিযোগিতাখন বাতিল কৰা হৈছে, পৰৱৰ্তী সময়ত প্ৰতিযোগিতাখন সম্পূৰ্ণ কৰিব পৰা যাবনে নাই সেয়া লক্ষ্য কৰা হ’ব। ইয়াৰ পৰাই বুজিব পাৰি যে আই পি এলৰ অৱশিষ্ট ৩১ খন মেচ পুনৰ অনুষ্ঠিত কৰাৰ কিছু সম্ভাৱনা আছে।

উল্লেখ্য যে বিগত দুটা দিনত ৩ টা দলৰ মুঠ ৪ জন খেলুৱৈ কৰ’নাত আক্ৰান্ত হোৱাৰ উপৰিও এজন প্ৰশিক্ষক আৰু দুজন ষ্টাফ কৰ’নাত আক্ৰান্ত হয়। প্ৰথমে কলকাতাৰ খেলুৱৈ বৰুণ চক্ৰৱৰ্তী আৰু সন্দীপ ৱাৰিয়ৰ কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে পৰৱৰ্তী সময়ত ক্ৰমে চেন্নাই চুপাৰ কিংছৰ বলিং প্ৰশিক্ষক লক্ষ্মীপতি বালাজী আৰু দুগৰাকী ষ্টাফ, ছানৰাইজাৰ্ছ হাইদৰাবাদৰ ঋদ্ধীমান শাহা আৰু দিল্লী কেপিটেলছৰ অমিত মিশ্ৰ কৰ’নাত আক্ৰান্ত হয়।

বি চি চি আইৰ ঘাটি ২ হাজাৰ কোটি : যদি আই পি এল সম্পূৰ্ণৰূপে বাতিল হ’ল হয় তেনে বি চি চি আইৰ ২ হাজাৰ কোটি টকা ঘাটি হোৱাৰ কথা ধাৰণা কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে অক্টোবৰ-নৱেম্বৰ মাহত ভাৰতত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপলৈয়ো অনিশ্চয়তা নামি আহিছে। ভাৰতত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন ইউ এ ইলৈ স্থানান্তৰিত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এয়াই হ’লে বি চি চি আইৰ ঘাটিৰ পৰিমাণ আৰু অধিক বৃদ্ধি হোৱাটো নিশ্চিত।

বিদেশী খেলুৱৈৰ দায়িত্ব গ্ৰহণ কৰিব বি চি চি আইয়ে: আই পি এলত অংশগ্ৰহণ কৰি আছে বহু কেইজন বিদেশী খেলুৱৈয়ে। ব’ৰ্ডৰ ফালৰ পৰা কোৱা হৈছে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা স্বদেশৰ আৰু বিদেশৰ প্ৰতিজন খেলুৱৈ তথা ইয়াৰ লগত জড়িত সকলো ব্যক্তিকে সুৰক্ষিত ভাৱে নিজ গৃহত উপনীত হোৱাৰ ক্ষেত্ৰত বি চি চি আইয়ে নিজৰ ক্ষমতা অনুসৰি সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *