Wednesday, July 6, 2022
HomeNewsআই পি এল খিতাপ জয় নকৰাকৈ আই পি এলৰ বাদশ্বাহ বিৰাট...

আই পি এল খিতাপ জয় নকৰাকৈ আই পি এলৰ বাদশ্বাহ বিৰাট কোহলি : চাওঁ আহক সৰ্বাধিক ৰান সংগ্ৰহকাৰী পাঁচজন ক্ৰিকেটাৰৰ তালিকা

আই পি এলত খিতাপ জয় নকৰাকৈ আই পি এলৰ বাদশ্বাহলৈ পৰিণত হৈছে বিৰাট কোহলি। ক্ৰিকেটাৰজনে প্ৰতিযোগিতাখনত সৃষ্টি কৰিছে বহু কেইটা অভিলেখ। আই পি এলৰ বিগত ১৩ বছৰীয়া ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহ কৰা পাঁচজন ক্ৰিকেটাৰৰ তালিকালৈ লক্ষ্য কৰিলে দেখা যায় যে আৰ চি বিৰ অধিনায়কজন আই পি এলৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী ক্ৰিকেটাৰৰ তালিকাত প্ৰথমস্থানত আছে। আই পি এলত তেওঁৰ ষ্ট্ৰাইক ৰেট ১৩০.৭৩, যত তেওঁৰ পাঁচটা শতক আৰু ৩৯ টা অৰ্ধশতক অন্তৰ্ভুক্ত হৈ আছে।

এই তালিকাৰ দ্বিতীয় স্থানত আছে সুৰেশ ৰাইনা। চেন্নাই চুপাৰ কিংছৰ এইগৰাকী ক্ৰিকেটাৰে বৰ্তমানলৈকে ১৩৯ খন আই পি এলৰ মেচ খেলি ৫৩৬৮ ৰান সংগ্ৰহ কৰিছে। আই পি এলত ৰাইনাৰ বেটৰ পৰা আহিছে ৩৮ টা অৰ্ধশতক।

তালিকাৰ তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ডেভিড ৱাৰ্নাৰ। আই পি এলৰ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়ক ৱাৰ্নাৰে বৰ্তমানলৈকে ১৪২ খন আই পি এলৰ মেচ খেলি ৫২৫৪ ৰান সংগ্ৰহ কৰিছে। তেওঁ আই পি এলত ৪ টা শতকৰ লগতে ৪৮ টা অৰ্ধশতক সংগ্ৰহ কৰিছে।

এই তালিকাৰ চতুৰ্থ স্থানত আছে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মা। আই পি এলৰ সবােটাকৈ সফল ফ্ৰেন্সাইজি মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মা আই পি এলৰ সবােটাকৈ সফল অধিনায়ক হিচাপে পৰিগণিত হৈছে। তেওঁ আই পি এলত বৰ্তমানলৈকে ২০০ খন মেচ খেলি ১৩০.৬২ ষ্ট্ৰাইক ৰেটেৰে ৫২৩০ ৰান সংগ্ৰহ কৰিছে। প্ৰতিযোগিতাখনত ৰোহিতে এটা শতকসহ ৩৯ টা অৰ্ধশতক সংগ্ৰহ কৰিছে।

তালিকাৰ পঞ্চম স্থানত আছে দিল্লী কেপিটেলছৰ শিখৰ ধাৱান। ধাৱানে আই পি এলত মুঠ ১৭৬ খন মেচত অংশগ্ৰহণ কৰিছে। তেওঁ এই আটাইকেইখন মেচ মিলাই মুঠ ৫১৯৭ ৰান সংগ্ৰহ কৰিছে। যত আছে তেওঁৰ দুটা শতক আৰু ৪১ টা অৰ্ধশতক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 + ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments