Tuesday, July 5, 2022
HomeNewsআই পি এল-২০২০: একোজন প্ৰশিক্ষকে কিমান দৰমহা লাভ কৰে? শুনিলে আচৰিত হ'ব...

আই পি এল-২০২০: একোজন প্ৰশিক্ষকে কিমান দৰমহা লাভ কৰে? শুনিলে আচৰিত হ’ব আপুনিও

অলিম্পিয়া প্ৰতিবেদন

ক’ভিডৰ মাজতে ইতিমধ্যে ২০২০ৰ আই পি এল ইউনাইটেড আৰব এমিৰাটছত আৰম্ভ হৈছে। এইবাৰ আই পি এলৰ মুঠ আঠটা দলৰ সাতটাৰে প্ৰশিক্ষক বিদেশী। কেৱল কিংছ ইলেভেন পঞ্জাৱৰহে প্ৰশিক্ষকৰ পদত আছে ভাৰতৰ কিম্বদন্তী বলাৰ অনিল কুম্বলে। আই পি এলৰ প্ৰশিক্ষকসকলে অন্যান্য সুবিধাৰ লগতে সমগ্ৰ বৰ্ষৰ বাবে লাভ কৰে এক মোটা অংকৰ ধন। আই পি এল আৰম্ভ হোৱাৰ আগতে জানো আহকচোন কোনগৰাকী প্ৰশিক্ষকে লাভ কৰে কিমান ধন?

১)মাহেলা জয়াবৰ্ধনে :শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক মাহেলা জয়বৰ্ধনে মুম্বাই ইণ্ডিয়ানছ দলৰ প্ৰশিক্ষক। প্ৰাক্তন শ্ৰীলংকান ক্ৰিকেটাৰজনৰ ওপৰতে নিৰ্ভৰ কৰিছে মুম্বাই ইণ্ডিয়ানছৰ সাফল্য। নীতা আম্বানী মালিকানাধীন দলটোৱে জয়বৰ্ধনেলৈ আগবঢ়াইছে ২.২৫ কোটি টকাৰ মোটা অংকৰ ধন।

২)ট্রেভৰ বেলিছ: চানৰাইজাৰ্ছ হাইডৰাবাদ দলৰ প্ৰশিক্ষকৰ ৰূপত আছে ট্রেভৰ বেলিছ। দলটোৱে এইগৰাকী প্ৰশিক্ষকৰ নামত খৰছ কৰিব ২.২৫ কোটি টকা।

৩) ব্ৰেণ্ডন মেককুলাম: নিউজিলেণ্ডৰ প্ৰাক্তন বিস্ফোৰক বেটছমেনগৰাকীয়ে এইবাৰ কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰশিক্ষণৰ দায়িত্ব চম্ভালিছে। ব্ৰেণ্ডন মেককুলামক প্ৰশিক্ষক হিচাবে ৰখাৰ বাবদ দলটোৱে খৰছ কৰিব ৩.৪ কোটি টকা।

৪)ৰিকী পন্টিং: অষ্ট্ৰেলিয়া দলৰ অন্যতম সফল অধিনায়ক ৰিকী পন্টিং আছে দিল্লী কেপিটলেছ দলৰ প্ৰশিক্ষকৰ ৰূপত। শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত খেলপথাৰত নামিবলগীয়া দলটোৱে প্ৰশিক্ষকৰ নামত ব্যয় কৰিব ৩.৪ কোটি টকা।।

৫) ষ্টিফেন ফ্লেমিং: নিউজিলেণ্ডৰ এইগৰাকী কিম্বদন্তী ক্ৰিকেটাৰৰ টেষ্ট আৰু এদিনীয়া উভয়তে ভাৰতৰ বিপক্ষেই অভিষেক ঘটিছিল। ভাৰতৰ পৰিৱেশৰ লগত তেওঁৰ আছে বিশেষ চিনাকি। দীৰ্ঘদিন ধৰি তেওঁ চেন্নাই ছুপাৰ কিংছ দলৰ সৈতে জড়িত হৈ আছে। দলটোৰ প্ৰশিক্ষকৰ দৰে গধুৰ দায়িত্বত আছে তেওঁ। চেন্নাই ছুপাৰ কিংছে তেওঁৰ নামত খৰছ কৰিছে প্ৰায় ৩.৪ কোটি টকা।

৬)চাইমন কাটিছ: অষ্ট্ৰেলিয়া দলৰো প্ৰশিক্ষকৰ ভূমিকা পালন কৰা ছাইমন কাটিছে পূৰ্বতে কিংছ ইলেভেন পঞ্জাৱৰ হৈ আই পি এলতো ভুমুকি মাৰিছিল। সেই ছাইমন কাটিছৰ হাততে আছে বৰ্তমান ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলৰ প্ৰশিক্ষণৰ দায়িত্ব। তেওঁৰ বাবদ দলে খৰছ কৰিব ৪ কোটি টকা।

৭)এন্ড্ৰু মেকড’নাল্ড: অষ্ট্ৰেলিয়া দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা প্ৰশিক্ষক এন্ড্ৰু মেকড’নাল্ডৰ হাতত আছে ৰাজস্থান ৰয়েলছ দলৰ প্ৰশিক্ষকৰ দায়িত্ব। তেওঁ এই দায়িত্বৰ বাবদ লাভ কৰিব ৩.৪ কোটি টকা।।

৮) অনিল কুম্বলে: ২০২০ বৰ্ষৰ আই পি এলৰ একমাত্ৰ ভাৰতীয় প্ৰশিক্ষকজনেই হৈছে অনিল কুম্বলে। অনিল কুম্বলেই ইতিপূৰ্বে ভাৰতীয় দলৰো প্ৰশিক্ষকৰ দায়িত্ব পালন কৰিছে। এইবাৰ তেওঁ আছে কিংছ ইলেভেন পঞ্জাৱ দলৰ প্ৰশিক্ষকৰ দায়িত্বত। ক্ৰিকেটৰ পথাৰত তেওঁৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাই নিশ্চয়কৈ দলটোক সহায় কৰিব। দলটোৱে তেওঁৰ বাবে খৰছ কৰিব ৪ কোটি।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three + 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments