Tuesday, July 5, 2022
HomeNewsআই পি এল ২০২২ত ৰাজস্থানে কোবালে আটাইতকৈ বেছি ছয়, আটাইতকৈ কম...

আই পি এল ২০২২ত ৰাজস্থানে কোবালে আটাইতকৈ বেছি ছয়, আটাইতকৈ কম কোবোৱা দলটোৰ নামে চকু কপালত তুলিব আপোনাৰ

অলিম্পিয়া প্ৰতিবেদন

টি-২০ ক্ৰিকেট মানেই উত্তেজনা আৰু অনশ্চিয়তা । কোন মুহূৰ্তত খেলে কোন দিশে গতি লয় তাৰ কোনো পূৰ্বানুমান কৰা সম্ভৱ নহয় । তাতে যদি আই পি এল হয় তেনে তাৰ কথা আৰু সুকিয়া ।
আই পি এল মানেই ছয়, চাৰিৰ সমাহাৰ । ছয়-চাৰিৰ সংখ্যা যিমানেই বৃদ্ধি পাই আই পি এল প্ৰেমীসকলৰ উত্তেজনা সিমানে বৃদ্ধি হয় । এক কথাত আই পি এলত পৰা ছয়, চাৰিৰ বৰষুণে প্ৰতিখন মেচ অধিক উপভোগ্য কৰি তোলে ।
আই পি এল-২০২২ ত শেষ হাঁহি মাৰিলে গুজৰাট টাইটানছে । প্লে’ অফত প্ৰৱেশ কৰা লক্ষ্ণৌ, আৰ চি বিয়ে আই পি এল-২০২২ত কেইবাখনো বৃহৎ স্ক’ৰৰ মেচ খেলিছিল । ফাইনেল খেলা ৰাজস্থান ৰয়েলেছেও বহু কেইখন বৃহৎ স্কৰৰ মেচত জয়লাভ কৰি ফাইনেলত উপনীত হৈছিল । এই আটাইকেইখন মেচতে পৰিছিল ছয়, চাৰিৰ বৰষুণ ।
কিন্তু আপুনি জানি আচৰিত হ’ব, সবাটোকৈ কম ছয় কোবাৱা দলটোৱেই আই পি এলৰ খিতাপ জয় কৰিবলৈ সক্ষম হ’ল । কোনো এজন নিৰ্দিষ্ট খেলুৱৈৰ ওপৰত ভৰষা নকৰি দলীয় প্ৰচেষ্টাৰে দলটোৱে এই সফলতা লাভ কৰিলে ।
দৰাচলতে, গুজৰাটা টাইটানছে আই পি এল-২০২২ ৰ দহটা দলৰ ভিতৰত আটাইতকৈ কম সংখ্যক ছয় কোবাইছিল । আনহাতে ফাইনেলত পৰাজিত হোৱা ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰসকলে প্ৰতিযোগিতাখনত সৰ্বাধিক সংখ্যক ছয় কোবাইছিল ।

ৰাজস্থান ৰয়েলছৰ জোছ বাটলাৰে ব্যক্তিগতভাৱে আই পি এল-২০২২ ত সৰ্বাধিক সংখ্যক ছয় কোবাই বঁটাও লাভ কৰিছে । বাটলাৰে চলিত ছিজনত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাৰ লগতে আই পি এলৰ এটা ছিজনত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈৰ তালিকাৰ দ্বিতীয় স্থানত আছে ।

আই পি এল-২০২২ ত ১০ ফ্ৰেঞ্চাইজিৰ আটাইবোৰ ক্ৰিকেটাৰে মিলি মুঠ ১০৬২ টা ছয় কোবাইছিল । আই পি এলৰ ইতিহাসত এয়াই এটা ছিজনত সৰ্বাধিক ছয়ৰ সংখ্যা ।ইয়াৰ পূৰ্বে কোনো এটা ছিজনতে ১০০০ বা তাতকৈ বেছি ছয় কোবোৱা নাছিল ।
আই পি এল-২০২২ ত সৰ্বাধিক ছয় কোবোৱা ফ্ৰেঞ্চাইজিৰ তালিকাত ৰাণাৰ্ছ আপ ৰাজস্থান ৰয়েলছ যিদৰে প্ৰথম স্থানত আছে ঠিক একেদৰে চেম্পিয়ন গুজৰাট টাইটানছ তালিকাৰ শেষত আছে । গুজৰাটৰ লগতে আন এটা ফ্ৰেঞ্চাইজি হায়দৰাবাদো এইবাৰ সৰ্বাধিক ছয় কোবোৱা ফ্ৰেঞ্চাইজিৰ তালিকাত তলৰ ফালৰ পৰা দুই নন্বৰত আছে ।
টুৰ্ণামেণ্টখনত ৰাজস্থান ৰয়েলচে সৰ্বাধিক ১৩৭ টা ছয় কোবোৱাৰ লগতে দলটোৰ হৈ সৰ্বাধিক জোছ বাটলাৰে ৪৫ টা ছয় কোবালে । ইয়াৰ পিছতে আছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছ । দলটোৱে মুঠ ১১৫ টা ছয় কোবাইছে আৰু দলটোৰ হৈ সৰ্বাধিক কে এল ৰাহুলে ৩০ টা ছয় কোবাইছে ।
এই তালিকাৰ তৃতীয় স্থানত আছে কলকাতা নাইট ৰাইডাৰ্ছ । কলকাতাই মুঠ ১১৩ টা ছয় কোবাইছে। দলটোৰ হৈ সৰ্বাধিক ছয় কোবালে আন্দ্ৰে ৰাছেলে । ইয়াৰ পিছতে আছে পঞ্জাৱ কিংছ । দলটোৱে মুঠ ১১০ টা ছয় কোবালে । দলটোৰ হৈ লিয়াম লিভিংষ্টেনৰ নামত আছে ৩৪ টা ছয় ।

এই তালিকাত পঞ্চম স্থানত আছে দিল্লী কেপিটেলছ । দিল্লীয়ে মুঠ ১০৬ টা ছয় কোবালে । দিল্লীৰ হৈ সৰ্বাধিক ৰোভমেন পাৱেলে ২২ টা ছয় কোবাইছে । ষষ্ঠ স্থানত আছে চেন্নাই ছুপাৰ কিংছ । ৪ বাৰৰ চেম্পিয়ন চেন্নাইয়ে এইবাৰ অতি দুৰ্বল প্ৰদৰ্শন আগবঢ়াই নৱম স্থানতে সন্তুষ্ট থাকে । দলটোৱে মুঠ ১০৩ টা ছয় কোবাই আৰু ইয়াৰে ১৬ টা ছয় আহে শিৱম দুবেৰ বেটৰ পৰা ।
এই তালিকাৰ সপ্তম স্থানত আছে প্লে’ অফৰ পৰা বাহিৰ হোৱা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু । আৰ চি বিয়ে মুঠ ১০২ টা ছয় কোবায় । দলটোৰ হৈ দিনেশ কাৰ্তিকৰ বেটৰ পৰা আহে সৰ্বাধিক ছয় । কাৰ্তিকে কোবালে মুঠ ২২ টা ছয় । অষ্টম স্থানত আছে মুম্বাই ইণ্ডিয়ানছ । আই পি এলৰ ইতিহাসত সবাটোকৈ সফল দল হিচাপে পৰিচিত মু্ম্বাইয়ে এইবাৰ সবাটোকৈ নিকৃষ্ট প্ৰদৰ্শন আগবঢ়ালে । মুম্বাইয়ে এইবাৰ মুঠ ১০০ টা ছয় কোবালে। ইয়াৰ ভিতৰত ১৬ টা ছয়েই আহিল টিম ডেভিড আৰু সূৰ্য কুমাৰ যাদৱৰ বেটৰ পৰা ।

এই তালিকাৰ নৱম আৰু দশম স্থানত আছে ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু গুজৰাট টাইটানছ। হায়দৰাবাদে মুঠ ৯৭ টা ছয় কোবায় । দলটোৰ হৈ নিকিলোছ পুৰাণে ২১ টা ছয় কোবায় । আনহাতে চেম্পিয়ন গুজৰাটে মাত্ৰ ৭৯ টা ছয় কোবায় । ইয়াৰ ভিতৰত ডেভিজ মিলাৰৰ বেটৰ পৰাই আহে ২৩ টাকৈ ছয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments