Monday, October 3, 2022
HomeNewsআকৌ ফিনিচাৰৰ ৰূপত মহেন্দ্ৰ সিং ধোনি

আকৌ ফিনিচাৰৰ ৰূপত মহেন্দ্ৰ সিং ধোনি

আকৌ ফিনিচাৰৰ ৰূপত মহেন্দ্ৰ সিং ধোনি

অলিম্পিয়া স্পৰ্টছ: বিশ্ব ক্ৰিকেট জগতত মুখে মুখে থকা নাম মহেন্দ্ৰ সিং ধোনী । বিস্ফোৰক বেটিঙেৰে অনুৰাগীৰ হৃদয়ত সৃষ্টি কৰা এক আবেগৰ নাম মহেন্দ্ৰ সিং ধোনী । এই জন মহান খেলুৱৈক জনা যায় ফিনিচাৰ ৰূপেও । শেষৰ বলত খেলৰ গতি সলনি কৰিব পৰা খেলুৱৈ গৰাকীয়ে হ’ল কেপ্টেইন কুল মাহি । চলিত আই পি এলত এয়া আকৌ এবাৰ প্ৰমাণ কৰি দিলে মহান খেলুৱৈ জনে । খেলৰ প্ৰদৰ্শনেৰে কমেন্টেটৰৰ মুখেৰে উচ্চাৰণ কৰালে ‘মাহি মাৰ ৰাহা হে’ ।

আৰু অধিক পঢ়ক

উল্লেখযোগ্য যে বৃহস্পতিবাৰে নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত চেন্নাই চুপাৰ কিংছ বনাম মুম্বাই ইণ্ডিয়ানছৰ মাজত হোৱা হাইভল্টেজ মেচখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথম বেটিং কৰি তিলক বৰ্মাৰ ৫১ ৰাণৰ বৰঙনিৰে ৭ উইকেটৰ বিনিময়ত মুঠ ১৫৫ ৰাণ কৰে । ইফালে ১৫৬ ৰাণৰ লক্ষ্য লৈ চেন্নাই ছুপাৰ কিংছে আম্বাটি ৰায়ুডুৰ ৪০ ৰাণৰ বৰঙণিৰ সহায়ত খেলৰ শেষৰ অভাৰত উপনীত হয় । ইতিমধ্যে ৬ টা উইকেট যোৱা চেন্নাই ছুপাৰ কিংছক শেষৰ অভাৰত জয়ৰ বাবে প্ৰয়োজন আছিল ১৭ ৰাণৰ । ক্ৰিজত তেতিয়াও উপস্থিত আছিল ফিনিচাৰ কেপ্তেইন কুল মহেন্দ্ৰ সিঙ ধোনী । জয়দেৱ উনাদকাড়ে প্ৰথম দুটা বলত মাত্ৰ ১ ৰাণ দি পিটাৰচনৰ উইকেট লৈ মেচখন মুম্বাইৰ পক্ষত ৰাখে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

শেষত আছে চাৰিটা বল । জয়ৰ বাবে চেন্নাইক প্ৰয়োজন ১৬ ৰাণ । ষ্ট্ৰাইকত আছে ধোনী । গেলাৰীত অনুৰাগীৰ সমস্বৰে মাহি ,মাহি ধ্বনি । চাৰিবলত ক্ৰমে ৬,৪,২,৪ ৰে প্ৰয়োজনীয় ১৬ ৰাণ কৰি এই বিশ্ব প্ৰসিদ্ধ ফিনিচাৰজনে দ্বিতীয় বাৰ জয়ৰ সোৱাদ দিলে চেন্নাই দলক । ইয়াৰ লগতে অনুৰাগীয়ে আকৌ এবাৰ ফিনিচাৰৰ ৰূপত দেখা পালে হেলিকপ্টাৰ মেনক । মাহীৰ এই ফিনিচিং ৰূপে এই ছিজনত দুৰ্বল ফৰ্মত থকা দলটোৰ প্ৰতিজন খেলুৱৈক মনোবল বৃদ্ধি কৰিব । লগতে প্ৰতিখন মেচতে অনুৰাগীয়ে এনে প্ৰদৰ্শন আশা কৰিব মাহি খ্যাত মহেন্দ্ৰ সিং ধোনীৰ । ইয়াৰ লগে লগে আই পি এলত ক্ৰমাগত ৭ খন মেচত পৰাজিত হৈ এক অবাঞ্চিত অভিলেখ গঢ়িলে পূৰ্বৰ ৫ বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ দলে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten + fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments