কাটাৰৰ ৰাজধানী দোহাত অনুষ্ঠিত হ’ব ২০৩০ এছিয়ান গেমছ। আনহাতে ২০৩৪ চনত চৌদি আৰৱৰ ৰাজধানীত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখন। কালি অলিম্পিক কাউন্সিল অৱ এছিয়াই এই কথা ঘোষণা কৰিছে।
ওমানত অনুষ্ঠিত হোৱা অলিম্পিক কাউন্সিল অৱ এছিয়াৰ সাধাৰণ সভাত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাকলৈ বৈঠক অনুষ্ঠিত হোৱাত ৪৫ খন নেচনেল অলিম্পিক কমিটিয়ে ভোট প্ৰদান কৰিছিল।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০০৬ চনত দোহাই এছিয়ান গেমছ অনুষ্ঠিত কৰিছিল। আনহাতে চৌদি আৰৱে এতিয়ালৈকে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা নাই। দোহাত পুনৰ বাৰ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰাৰ পিছত কাটাৰ অলিম্পিক কমিটিৰ অধ্যক্ষ বিন হামাদে কয় যে, আমাৰ উদ্দেশ্য একেবাৰে সাধাৰণ। আমি অলিম্পিকত যিমান পাৰি বেছি এছিয়ান খেলুৱৈ চাবলৈ বিচাৰোঁ।
ইফালে ২০২২ চনত কিটাৰে অনুষ্ঠিত কৰিব ফিফা বিশ্বকাপ প্ৰতিযোগিতা। ইয়াৰ পূৰ্বে আকৌ ২০২১ চনত কাটাৰে অনুষ্ঠিত কৰিব কাটাৰ আৰব কাপ ফুটবল। এই প্ৰতিযোগিতাখনত ২২ টা দলে অংশগ্ৰহণ কৰিব। বিশ্বকাপ ফুটবলৰ পূৰ্বে অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন আয়োজক দেশৰ বাবে বিশ্বকাপ প্ৰস্তুতিৰ অনুশীলন বুলি কোৱা হৈছে। আনহাতে ২০৩২ চনৰ অলিম্পিক প্ৰতিযোগিতাৰ বাবেও কাটাৰে নিলামত অংশগ্ৰহণ কৰিব।