সৰ্বভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ নব নিৰ্বাচিত উপসভাপতি লক্ষ্য কোঁৱৰক আজি অসম ইলেক্ট্ৰনিক স্পৰ্টছ জাৰ্ণেলিষ্ট এছোচিয়েশ্বনৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয়। মহানগৰীৰ গণেশগুৰিস্থিত হোটেল অম্বৰিশত অনুষ্ঠিত হোৱা এই সম্বৰ্ধনা অনুষ্ঠানত লক্ষ্য কোঁৱৰৰ উপৰিও বিধায়ক নোমল মমিন উপস্থিত থাকে।
অসম ইলেক্ট্ৰনিক স্পৰ্টছ জাৰ্নেলিষ্ট এছোশ্বিয়েছনৰ সাধাৰণ সম্পাদক বিপুল বৰ্মনে আঁত ধৰা অনুষ্ঠানত নিজৰ ভাষণ আগবঢ়াই নব নিৰ্বাচিত উপ সভাপতি লক্ষ্য কোঁৱৰে হিমাৰ প্ৰসংগত কৰে এক গুৰুত্বপূৰ্ণ মন্তব্য। তেওঁ কয় যে, সকলো ঠিকে থাকিলে টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰিব হিমা দাসে। আঘাতৰ সমস্যাত ভূগি থকা হিমাই প্ৰতিযোগিতাৰ পূৰ্বে আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিলেই টকিঅ’লৈ বাট মুকলি হ’ব। সৰ্বভাৰতীয় এথলেটিকছ ফেডাৰচনে এতিয়াও আনুষ্ঠানিক ঘোষণা নকৰিলেও সময়ত হিমাই টকিঅ’লৈ ঘোষিত ভাৰতীয় এথলেটিকছ দলত স্থান লাভ কৰাটো নিশ্চিত।
আনহাতে অসমৰ জিলা পৰ্যায়ৰ ক্ৰীড়া সংগঠক আৰু ক্লাৱ পৰ্যায়ৰ সংগঠকসকলে অত্যন্ত নিষ্ঠাসহকাৰে অসমৰ ক্ৰীড়াক আগুৱাই নিবলৈ কাম কৰি আছে বুলি কৈ কোঁৱৰে কয় যে, এইসকল ক্ৰীড়া সংগঠকক সংগঠিত কৰি প্ৰতিভাসমূহ উলিয়াই আনিবলৈ সকলোৱে কাম কৰিব লাগিব।
আনহাতে ৰাজ্যিক ক্ৰীড়া সংন্থাসমূহে নিজৰ বছৰেকীয়া কেলেণ্ডাৰখন ঠিক নকৰাৰ বাবে খেলুৱৈকে ধৰি সকলোৱে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে বুলিও তেওঁ মতপোষণ কৰিছে।তেওঁ সকলোকে নিজৰ বছৰেকীয়া কেলেণ্ডাৰখন ঠিক কৰিবলৈ অনুৰোধ জনাইছে।
মন কৰিবলগীয়া যে অসম এথলেটিকছ সন্থাৰ সভাপতিৰ দায়িত্বত থকা লক্ষ্য কোঁৱৰে আজিৰ এই অনুষ্ঠানতে কয় য়ে তেওঁলোকে অসমৰ ক্ৰীড়া ক্ষেত্ৰক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিব বিচাৰে। তাৰ বাবে প্ৰয়োজন সকলোৰে সহায় সহযোগিতা। ইতিমধ্যে অসম এথলেটিকছ সন্থাই ইয়াৰ বাবে গ্ৰহণ কৰিছে কেতবোৰ পৰিকল্পনা।
ইফালে অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়েও নবনিৰ্বাচিত উপ সভাপতি লক্ষ্য কোঁৱৰক শুভেচ্ছা জনায়। ভাষণ প্ৰসংগত তেওঁ কয় যে, পূৰ্বেও অসমৰ পৰা বিভিন্ন ব্যক্তিয়ে গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্বপূৰ্ণ পদবী লাভ কৰিছে যদিও একো কাম কৰিব পৰা নাই। এসময়ত অসমৰ খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ প্ৰতিনিধি নথকাৰ বাবেই যোগ্যতা থাকিও বঞ্চিত হ’বলগীয়া হৈছিল। সৰ্বভাৰতীয় এথলেটিকছ সন্থাৰ উপ সভাপতি হিচাপে নিৰ্বাচিত লক্ষ্য কোঁৱৰেও যদি নিজৰ দায়িত্বৰ পৰা বিচলিত হয় তেনে তেওঁক প্ৰশ্ন উত্থাপন কৰিব।