আজিৰে পৰা অনুষ্ঠিত হৈছে মিছা হাইস্কুল খেল পথাৰত আন্তঃজিলা ছিনিয়ৰ হকী প্ৰতিযোগিতা। অসম হকীৰ উদ্যোগত আৰু কলিয়াবৰ ক্ৰীড়া সন্থাৰ সহযোগত প্ৰয়াত আব্দুল জব্বৰৰ সোঁৱৰণত অনুষ্ঠিত হোৱা সদৌ অসম আন্তঃজিলা ছিনিয়ৰ প্ৰতিযোগিতাখন কেৱল পুৰুষ শাখাতহে অনুষ্ঠিত হ’ব।
জানিব পৰা মতে প্ৰতিযোগিতাখনত মুঠ ১৫ টা দলে অংশগ্ৰহণ কৰিব। এই ১৫ টা দলক দুটা গ্ৰোপত বিভক্ত কৰি প্ৰতিযোগিতাখন নকআউট পদ্ধতিত অনুষ্ঠিত হৈছে।
প্ৰতিযোগিতাখনৰ আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম হকীৰ সম্পাদক তথা অসম অলিম্পিক আৰু হকী ইণ্ডিয়াৰ কোষাধক্ষ্য তপন কুমাৰ দাস, চাহ জনজাতি উন্নয়ন বৰ্ডৰ উপ সঞ্চালক সীমাঞ্চন দীঘাল, অসম জিমনাষ্টিকছ সন্থাৰ সম্পাদক উজ্জল বৰুৱা আৰু কলিয়াবৰ হকী সন্থাৰ সভাপতি বিদ্যাধৰ কুম্ভকাৰ।

উল্লেখ্য যে আজিৰে পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন আগন্তুক ১৫ মাৰ্চত সমাপ্ত হ’ব।