আজিৰে পৰা ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুস্থিত হৈছে ৩২ সংখ্যক পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা। অসম এথলেটিকছ সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত ৯ খন ৰাজ্যৰ ৩৫৩ গৰাকী এথলীটে অংশগ্ৰহণ কৰিছে।

আজি পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত মুঠ ১০৪ টা ইভেণ্টত ১৩০ গৰাকী মহিলা আৰু ২২৩ গৰাকী পুৰুষ এথলিটে অংশগ্ৰহণ কৰিব।
প্ৰতিযোগিতাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম ক্ৰীড়া প্ৰাধিকৰনৰ সঞ্চালক প্ৰধান ওমকাৰ মল কেডিয়া, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা। ইয়াৰ উপৰিও উপস্থিত থকা ব্যক্তিসকল হ’ল ধৰ্মকান্ত মিলি,লক্ষ্য কোঁৱৰ, ঋতুবৰণ শৰ্মা, বিষ্ণু ডেকা, বিষ্ণুৰাম নুনিছা, অশোক ভৰালী, অনুপ চৌধুৰী, অৰূপ ঠাকুৰীয়া, জাহিৰুল হক, কৰুণা দত্ত, কবিতা মজুমদাৰ আদি।।
ইফালে কৰনা মহামাৰীৰ সংক্ৰমণৰ বিভিন্ন নীতি নিয়মৰ মাজেৰে অনুষ্ঠিত কৰিবলগীয়া হৈছে প্ৰতিযোগিতাখন।