Tuesday, July 5, 2022
HomeNewsআজিৰে পৰা পথ সুৰক্ষা বিশ্ব ক্ৰিকেট প্ৰতিযোগিতা

আজিৰে পৰা পথ সুৰক্ষা বিশ্ব ক্ৰিকেট প্ৰতিযোগিতা

আজিৰে পৰা আৰম্ভ হ’ব পথ সুৰক্ষা বিশ্ব ক্ৰিকেট প্ৰতিযোগিতা। ৰায়পুৰৰবীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া আজিৰ প্ৰথমখন মেচত অংশগ্ৰহণ কৰিব ইণ্ডিয়ান লিজেণ্ডছ আৰু বাংলাদেশ লিজেণ্ডছে।

মনকৰিবলগীয়া যে ভাৰতৰ কিম্বদন্তী ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে পোন প্ৰথমবাৰৰ বাবে ৰায়পুৰৰ এই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামখনত খেলিব। ইয়াৰ উপৰিও ইণ্ডিয়া লিজেণ্ডছ দলটোৰ হৈ খেল পথাৰত নামিব বীৰেন্দ্ৰ সেহৱাগ, যুৱৰাজ সিং, মহম্মদ কেফ, ইউছুফ পাঠান, নমন ওজা, প্ৰজ্ঞান ওজা, মুনাফ পেটেল, ইৰফান পাঠান, বিনয় কুমাৰৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰে। ইয়াৰ উপৰিও বাংলাদেশ লিজেণ্ডছৰ হৈ মহম্মদ ৰফিক, খালিদ মহমুদ, মহম্মদ চৰিফ, আব্দুৰ ৰজ্জাক, আফতাব অহমদ আদিৰ দৰে ক্ৰিকেটাৰে।

পথ সুৰক্ষাৰ বাবে অনুষ্ঠিত কৰা এই বিশ্ব প্ৰতিযোগিতা পূৰ্বৰ ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ প্ৰতিষ্ঠান প্ৰফেচনেল মেনেজমেণ্ট গ্ৰোপে অনুষ্ঠিত কৰিছে। ইয়াৰ মূল উদ্দেশ্য হৈছে সাধাৰণ ৰাইজক পথ সুৰক্ষাৰ প্ৰতি জাগ্ৰত কৰি তোলা।

এই প্ৰতিযোগিতাত ভাৰতৰ উপৰিও দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, বাংলাদেশ, শ্ৰীলংকাৰ পূৰ্বৰ মহান ক্ৰিকেটাৰে অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে ৰায়পুৰৰ এই ষ্টেডিয়ামত আই পি এল আৰু টি-২০ মেচ ইতিমধ্যে অনুষ্ঠিত হৈছে। এই মেচসমূহৰ ৰেকৰ্ডৰ পৰা কোৱা হৈছে যে ইয়াত ১৭০ ৰ ওপৰলৈ স্ক’ৰ আগবঢ়া নাই। গতিকে পূৰ্বৰ ক্ৰিকেটাৰসকলে আজিৰ এই মেচত নিজৰ স্ক’ৰ কিমানলৈ আগবঢ়াই নিয়ে সেয়া লক্ষণীয় হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments