‘আজি মই ক্ৰিকেট খেলিব লাগিছিল কিন্তু মই এই ঠাণ্ডাত উবেৰ ইটছ কোম্পানীৰ হৈ খাদ্য ডেলিভাৰী কৰি আছো’ এই মন্তব্য এটা ৰাষ্ট্ৰীয় দলৰ ক্ৰিকেটাৰৰ।
কৰনা মহামাৰীয়ে সকলো সলনি কৰিলে।ধ্বংস কৰিলে বিশ্ব অৰ্থনীতি। কৰনাৰ বাবেই অনুষ্ঠিত নহ’ল অষ্ট্ৰেলিয়াত অনুষ্ঠিত হবলগীয়া আই চি চি টি-২০ বিশ্বকাপ প্ৰতিযোগিতা। সকলো ঠিকেই থকা হলে ১৮ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ল হয় প্ৰতিযোগিতাখন। প্ৰতিযোগিতাখনত শীৰ্ষ ১০ টা দলৰ লগতে অন্য ৬টা দলক অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰা হৈছিল। এই ৬ টা দলৰ এটা অন্যতম দল আছিল নেদাৰলেণ্ড। এই দলটোৰে এজন সদস্যই এতিয়া কৰনাসৃষ্ট পৰিবেশৰ বাবে ক্ৰিকেট এৰি ডেলিভাৰী বয়ৰ কাম কৰিবলগীয়া হৈছে।
নেদৰালেণ্ডৰ এই ক্ৰিকেটাৰগৰাকীৰ নাম পল ভান । পল ভানে এতিয়া ক্ৰিকেট এৰি ফুড দেলিভাৰীৰ কাম আৰম্ভ কৰিছে। ক্ৰিকেটাৰগৰাকীয়ে নিজৰ টুইটাৰ একাউণ্টত লিখিছে, আজি মই ক্ৰিকেট খেলিব লাগিছিল কিন্তু মই এই ঠাণ্ডাৰ বতৰত উবেৰ ইটছ কোম্পানীৰ বাবে ফুড ডেলিভাৰীৰ কাম কৰিছো। ইয়াৰ উপৰিও তেওঁ টুইটটোত লিখিছে আপানালোকে হাঁহি থাকক।
মনকৰিবলগীয়া যে আই চি চিৰ মেগা ইভেণ্টখন এবছৰৰ বাবে পিছুৱাই দিয়াৰ ফলত এতিয়া নাই কোনো মেগা ইভেণ্ট। এই সময়ছোৱাত অলপ ধন উপাৰ্জন কৰিবলৈ পল ভানে ফুড ডেলিভাৰীৰ কাম কৰিবলৈ আগবাঢ়ি গৈছে।
এইগৰাকী ক্ৰিকেটাৰে নেদাৰলেণ্ডৰ হৈ কেনিয়াৰ বিপক্ষে ২০১৩ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল। বৰ্তমানলৈকে তেওঁ ৫ খন এদিনীয়া আৰু ৪১ টি-২০ মেচত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছে।